দিখৌত সাতুৰিলোঁ
দিখৌত সাতুৰিলোঁ
অনন্ত কুমাৰ ভূঞা
যৌৱনৰ প্ৰথম খোজ
দিব নোৱাৰিলোঁ
ভৰি থবলৈ নাপালোঁ পুৱাৰ
নিয়ৰ পৰা দুবৰি বনত ।
অনুভৱী জীৱনৰ কোমল সময়
সাঁচি ৰাখিব নোৱাৰিলোঁ
সময়ৰ ৰঙীন উৎসৱৰ মাজত
বুটলি লব নোৱাৰিলোঁ
মনৰ অভিলাষ যৌৱনৰ ভৰ দুপৰীয়া ।
অভিশপ্ত সময়ে
ৰং ছটিয়াবলৈ সময় নিদিলে
শৰতৰ প্ৰথম নিশা
কবিতাৰ ৰূপ কথাৰে সজোৱা নহল জীৱন।
অজানিতে গুচি আহিলোঁ এদিন
দিখৌত সাতুৰিবলৈ
বাৰিষাৰ বান পানীৰ প্ৰবল সোঁতত ।
সময়ে উপহাস কৰিছিল আমাক
আন্ধাৰে আৱৰি ধৰিছিল
এনেদৰে শেষ হৈছিল
এটি প্ৰেৰণাৰ স্নিগ্ধ সন্ধ্যা আকস্মিক ভাবে।
আৰ্ত্তনাদ উতলি উঠিছিল গভীৰ পানীৰ তলত,
শৰীৰ কপি উঠিছিল দিখৌৰ কোবাল সোঁতত।
ভয় বোৰে উচুপি আহিল
হিয়াই ফেকুৰি উঠিছিল
আমাৰ জীয়া আত্মাই
ছট ফটাই নিঃশেষ হৈছিল পানীৰ তলত ।
হৃদয়ে সংকেত দিছিল আমাক
জীৱনৰ অন্তিম সময়ৰ
পথ বন্ধ হৈছিল উদ্ধাৰৰ ।
ওফন্দি উঠা জল তৰঙ্গত
ভয় আৰু আৰ্ত্তনাদৰ ফিৰিঙতি বিয়পিছিল
ডুব যোৱা আবদ্ধ গাড়ীৰ ভিতৰত
সেই অজান সন্ধ্যা দিখৌৰ বুকুত
হেৰাই যোৱাৰ অন্তিম সময়ত
ইজনে সিজনক আবেগত ধৰিছিলোঁ সাবতি ।
দিখৌত সাতুৰিছিলোঁ
গোটেই পৰিয়াল জীৱনৰ শেষ সময়ত।
প্ৰস্থানৰ দুৱাৰ খেপিয়াই পোৱা নাছিলোঁ
লাহে লাহে চেঁচা হৈ আহিল শৰীৰ
উশাহ বোৰ শেষ হল
নিশ্বাস হেৰাৱালোঁ
অৱৰুদ্ধ উদ্ধাৰৰ পথ জীৱন্ত ৰূপত
বাকৰুদ্ধ আইতা জনী
প্ৰথমে নিঠৰ হল চিৰকাললৈ
দিখৌত সাতুৰিলোঁ আমাৰ পৰিয়াল
সাতুৰি ভাগৰি শুই পৰিলোঁ চিৰকাল ।
( ২০১৮ বৰ্ষত দিখৌত মৰ্ম্মান্তিক ভাবে এটি পৰিয়াল নিঃশেষ হোৱাৰ সময়ত লিখা এই কবিতা।)

No comments