বাবৰি মছজিদ বনাম ৰাম জনমভূমি

 বাবৰি মছজিদ বনাম ৰাম জনমভূমি

                                                                  নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা।

 বাবৰি মছজিদ বনাম ৰাম জনমভূমি 

ৰাম জনমভূমি বনাম বাবৰি মছজিদ।


স্বৰ্গৰ বাগিচাত শুই আদম আৰু ঈভে 

জ্ঞান বৃক্ষৰ ফল ,নহয় নহয় বিভেদৰ বীজ ভক্ষণ কৰি স্বৰ্গচ্যুত হ'ল !

হাজাৰ হাজাৰ বছৰ ধৰি 

বিশ্বৰ বুকুত লিপিবদ্ধ হল ধৰ্মৰ সংঘাত,               

জাতিৰ সংঘাত, সম্প্ৰদায়ৰ সংঘাত।

মই আৰ্য, তুমি অনাৰ্য -------

 নিগ্ৰো, মঙ্গোলয়দ, দ্ৰাবিড়

তেওঁ ছেমেটিক, হেমেটিক, অষ্ট্ৰিক

বেবিলনত আৰম্ভ হ'ল সংঘাত।

পেলেষ্টাইনত ইহুদী, খৃষ্টান আৰু মুছলমানৰ ভ্ৰাতৃঘাতী সংঘৰ্ষ

মিছৰৰ মন্দিৰত বাজিল ৰণ-দুন্দুভী

পশ্চিমৰ দুৱাৰেদি সোমাই আহিল আৰ্য 

উৰ্বৰ ভূমি উৰ্বৰ কৰা 

সেউজ শস্যৰ পথাৰ এৰি

অনাৰ্যই নিজ বাসস্থান ত্যাগ কৰিলে

কি দুখেৰে তুমি কেনেকৈ বুজিবা সখী!

আকৌ আৰম্ভ হ'ল জাতি গঠন প্ৰক্ৰিয়া ---                

ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাত ---

" হেথায় আৰ্য হেথা অনাৰ্য

        দ্ৰাবিড়- চীন

 শোক-হুন-দল -মোগল -পাঠান                               

একে দেহে হলো লীন।"


বাবৰি মছজিদ বনাম ৰাম জনমভূমি,

ৰাম জনমভূমি বনাম বাবৰি মছজিদ।

আৰু কিমান খেলিবা কিমান খেলিবা ,

হিন্দু -মুছলমান,শিখ- বৌদ্ধ -খৃষ্টান খেল?


এবাৰ ভাৱি চোৱা বন্ধু !

কত হিন্দুৰ শ্মশানত মুছলমানৰ কত শত সমাধিস্থল,

কত মুছলমানৰ কবৰৰ গহ্বৰত

দপদপকৈ জ্বলি আছে হিন্দুৰ শ্মশানভূমি 

মছজিদে মছজিদে হিন্দুৰ কীৰ্তিস্তম্ভ

হিন্দুৰ মন্দিৰত শত শত মছজিদৰ  ধ্বংসাৱশেষ!

গীৰ্জা আৰু বৌদ্ধৰ মন্দিৰতো

কত শত অন্য ধৰ্মৰ কীৰ্তিৰ সুৱাস!

তেনেহলে কিহৰ এই বিভেদ,

কিহৰ এই ৰক্তক্ষয়ী সংঘাত ?

আহা , আমি ধৰ্মৰ পোছাক খুলি

হওঁ একো একোজন  মহান মানৱ !

কাজি নজৰুল ইছলামৰ ভাষাত গাওঁ ---

"গাহি সাম্যেৰ গান

মানুশেৰ চেয়ে কিছু নেই

 নহে কিছু মহীয়ান!"


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.