প্ৰেমিক চৰাই মই (২)

প্ৰেমিক চৰাই মই (২)



উৰিব বিচাৰোঁ তোমাৰ কাৰণে পখিলা হৈ

পখিলাও সজীৱ হৈ পৰে ফুলৰ দৰে

ফুলৰ সুবাস তোমাৰ দেহাটোতেই পাওঁ

নিজান পথত উৰি ফুৰে মোৰ মন

তোমাক বিচাৰি বিচাৰি হঠাতে দেখা পাওঁ

হয়তো তুমিও মোৰ দৰেই হাবাথুৰি খাইছাঁ

তোমাৰ কাষতে বহি তোমাক চাই থাকিবৰ মন

এতিয়া তোমাৰ প্ৰেমিক চৰাই মই জীৱনৰ বাবে

বিশ্বাস যে তুমি মোৰ বাবে জীয়াই আছাঁ

চিৰসেউজ লাগে এতিয়া মোৰ জীৱন

সাতোটা ৰঙৰ জীৱন এতিয়া মোৰ হ'ল

চিৰদিনৰ বাবে তুমি মোৰ মাথোঁ মোৰ

এতিয়া যে তোমাৰ প্ৰেমিক চৰাই মই

আবেলি হ'লেই গছৰ তলত বিচাৰি যাওঁ

তুমি নেকি মোৰ বাবে এতিয়াও ৰৈ আছাঁ

সেই সময়ৰ বাবে মই চিন্তা কৰোঁ

তোমাক নিদিওঁ অপেক্ষা কৰিব মোৰ বাবে

নোৱাৰোঁ দিব তোমাক কষ্ট

কাৰণ এতিয়া তোমাৰ প্ৰেমিক চৰাই মই

তোমাক সজাই পৰাই ৰাখিবৰ ইচ্ছা, আশা

তুমিয়েই মোৰ নীলা আকাশৰ সপোনৰ ৰং

তুমিয়েই মোৰ জীৱনৰ জীৱন

তুমিয়েই মোৰ জীৱনৰ প্ৰেৰণা, উৎসাহ

জীয়াই থকাৰ হেপাঁহ তুমিয়েই দেখোঁন

কাৰণ এতিয়া তোমাৰ প্ৰেমিক চৰাই মই


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.