প্ৰেমিক চৰাই মই (৩)

 প্ৰেমিক চৰাই মই (৩)

সপোন তুমি ক'লৈ গুছি গ'লা

ক'ত যে তোমাৰ ঠিকনা

পাম জানো তোমাক বিচাৰি

য'ত তোমাৰ বাসস্থান


সপোন তুমি মাতিবা এবাৰ মোকো

নাযাবা মোক অকলশৰীয়া কৰি এৰি

থাকিলে তুমি ভৰসা পাওঁ

জীৱন গতিৰ পথ বিচাৰি পাওঁ


সপোন তুমি থাকিবা মোৰ কাষতে

থাকিব সদায় মোৰ হৃদয়ৰ মাজতে

ৰাখিম তোমাক বৰ যত্ন কৰি

হৃদয়ত সাৱটি ৰাখিম ধৰি


সপোন তুমি সংগী হ'বা

মোৰ হৃদয়ৰ ভাৱনাৰ ভিতৰত থাকিবা

সফলতাৰ মুকুট পথাৰত থাকিবা

সপোন তোমাক লৈ জীৱন সজাই দিবা


ৰক্তিম ৰঙত ৰঙা গোলাপ 

দিলা যেতিয়া হাতত তুমি

নুবুজো যেতিয়া হাতত কাঁইটে বিন্ধিব

সপোন তোমাৰ প্ৰেমত প্ৰেমিক চৰাই 

গোলাপৰ ৰং চাই সকলো যাওঁ পাহৰি 


মনটোক কৰে তোমাৰ আবেগে উতলা

কেতিয়াবা হৃদয়ক লৈ কৰে বহুতে খেলা

সপোন তুমি মোৰ প্ৰিয় 

তুমি কেতিয়াও নকৰিবা গোলাপৰ কাঁইটৰ দৰে ৰক্তাক্ত খেলা


সপোন তোমাক বিচাৰে মনটোৱে

সদায় ভাল পাই বিচাৰে কাষতে

সপোন তোমাৰ প্ৰেমত স্পৰ্শ কৰি

কেনেকৈ যাওঁ কোৱাচোন তোমাক এৰি


হাইছ উদ্দিন আহমেদ


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.