নতুন পোহৰ
নতুন পোহৰ
অৱশেষত মহাজনৰ নিষিদ্ধ বস্ত ড্ৰাগচৰ যি সাম্ৰজ্য তাৰ অবসান ঘটিল। গাঁওৰে লৰা ভাস্কৰে অতি কষ্টৰে পঢ়ি-শুনি সি এ পি এচ চি পৰীক্ষাত পাচ কৰি সেই জিলাৰে এচ পি হৈ আহিল ।ভাস্কৰে তাৰ ওপৰ মহলত সিহতৰ গাঁওত মহাজন আৰু তাৰ পুতেক মদনে তাৰ লগৰ কেইজনৰ লগত গাঁওখনত কৰি অহা অত্যাচাৰ কথা আৰু ড্ৰাগচৰ ৰমৰমীয়া বেপাৰৰ কথা সকলো বিৱৰি কলে ,লগতে এইটোৱে কলে সিহতৰ কাৰণে ছোৱালী বোৱাৰীও বাহিৰলৈ আহিব নোৱাৰে ।কোনো লৰা ছোৱালীক পঢ়াশুনাত আনকি খেলাধুলাতো আগবাঢ়িব নিদিয়ে ।
সকলো কথা জানি মুখ্যমন্ত্ৰীয়ে তাক সম্পূৰ্ণ অধিকাৰ প্ৰয়োগ কৰিব দিলে ।শেষত মহাজনৰ পতন ঘটিল মহাজন আৰু তাৰ লগৰ সকলোবিলাককে জেললৈ পঠিয়ালে ।মাদক দব্য ভাং আৰু ড্ৰাগছ পুলিচে জব্দ কৰি সোনতলি গাঁওলৈ নতুন পোহৰ আনিলে ।
ঊষাৰাণী দত্ত ।
গুৱাহাটী-বিৰুৱাৰী
গুৱাহাটী----১৬

No comments