মানুহ হোৱাৰ সপোন
মানুহ হোৱাৰ সপোন
মই মানুহ হোৱাৰ
কথা দিছিলোঁ
মদ নোখোৱাৰ
শপত খাইছিলোঁ বহু দিন
মই এটা কণমানি পুত্ৰ সন্তানৰ পিতৃ।
ভ্ৰমত পৃথিৱী ঘুৰাদি ঘুৰিছোঁ
শব্দ বিহীন মৌনতা মোৰ
সকলো কথাতে অন্যমনস্কতা।
আশাহীন উপলব্ধিয়ে খুন্দিয়াই
ক'তা এটাও কথাই ৰাখিব নোৱাৰিলোঁ।
চুলাই ভাটিটোৰ ওচৰলৈ
সদায় অহা যোৱা কৰিলোঁ
নাযাওঁ বুলি ভাবিলেও
মনে টানি লৈ যায়
জীৱনৰ দুঃস্বপ্নৰ মাদকতা আছে
এনেকৈ নিজক ফাঁকি বহু বছৰ দি আহিছোঁ ।
অহা যোৱা কৰিছোঁ
চুলাই ভাটিলৈ
তাত কম পইচাত মদ পায়
ভাল লাগে অ'
অন্য কথাবোৰ মনলৈ নাহে
পাহৰি যাওঁ সময়
স্ত্ৰী পুত্ৰৰ কথা পাহৰি থাকোঁ।
দহ টকা বিশ টকা হ'লেই
প্ৰতি দিনৰ মদ যোগাৰ হয়
পইচা খোজো বুলি বন্ধু বোৰেও
মোক দেখিলে আঁতৰি যোৱা হ'ল।
ঘৰত মোক পইচা নিদিয়ে
কৰ পৰা দিব
মইয়েই একমাত্ৰ সন্তান
মইয়েই পঢ়া শুনা কৰা
একমাত্ৰ পুত্ৰ
মইয়েই চাকৰি কৰিব পৰা
সামৰ্থবান শিক্ষিত ডেকা ।
জীৱন গঢ়াৰ সপোন মোৰো আছিল
সপোন মইও দেখিছিলোঁ
নাজানোঁ কিয় স্বপ্ন ভঙ্গ হ'ল !
আজি পেট বৰকৈ বিষাইছে
চিকিৎসালয়লৈ দৌৰি আহিলোঁ
কাকো নোকোৱাকৈ
কোনেও নজনাকৈ ,
ডাক্তৰক সেহাই সেহাই সেহাই
কিবা কিবা কৈ গলোঁ
কি কলোঁ মনত নাই ।
মোৰ অন্তিম অৱস্থা হ'ব পাৰে
মৃতদেহ চাঙিত লৈ যাব আজি
মৰিশালি নামৰ কাৰাগাৰত
চিৰদিন বন্দী হৈ থাকিম।
কণমানি পুত্ৰই মুখাগ্নি কৰালৈ
আপেক্ষাত থাকিম
মৃত্যু মোৰ আজি সপোন হৈ ৰ'ব।
====================
অনন্ত কুমাৰ ভূঞা
ৱাৰ্ড নং -৩ নকাড়ি, উত্তৰ লক্ষীমপুৰ, লক্ষীমপুৰ-৭৮৭০০১
অসম ।
No comments