হেৰা ব'লা হে..... দুয়ো গোলাপী হওগৈ

 হেৰা ব'লা হে..... দুয়ো গোলাপী হওগৈ  

হেৰা ব'লা হে.....দুয়ো গোলাপী হওগৈ

তীক্ষ্ণ গৰমত টোপা টোপে 

সৰিব নিয়ৰ

ভাল লাগিব

তৃষ্ণাৰ কোলাহলত 

মতলীয়া সন্ধিয়া

বাৰেবিংকৰা ভাৱনাৰ ভড়াল

উটনুৱা হৈ পৰিব মনৰ বেঠাত। 


হেৰা ব'লা হে.....

গভীৰ উৎকন্ঠাত

দোলি দোলি শেষ হ'ব বিচৰা সন্ধিয়াটো

কৰোগৈ গোলাপ।

সন্ধিয়াৰ উচুপণিত 

পণ্যৰ ৰাগীত পাতিম বিয়ণী মেল। 

ব'লা হে দুয়ো গোলাপী হওগৈ..... 


নিভেজাল সন্ধিয়া নবহে মোৰ মন

আৰ্তনাদ কপি উঠে মোৰ দুই হাত। 

বিৱৰ্তনত আৰ্বিভাৱ হলো দুয়ো সখা

ইংৰাজৰ উপদেষ্টা হ'লে ময়েই হম। 

হেৰা ব'লা হে..... 

বহিম তিনিআলিত 

খাম ভজা। 


হেৰা ব'লা হে..... দুয়ো গোলাপী হওগৈ

ৰাজপথ ৰাঙলি কৰি আইৰ দুচকুত

ভৰ বাৰিষা কঢ়িয়াই আনিব বিচৰা নাই

হেৰা ব'লা হে.... দুয়ো খুচকি যাওঁ


হেৰা ব'লা হে....

বিষাক্ত মনৰ দেই পুৰি যোৱা

দেহত সানোগৈ মলম 

আবিৰৰ জুলিয়া খেলত

মন খুলি নাচোগৈই

ব'লা হে..... 

কৰোগৈ তৰাৰ লগত খেলা


শেঁতা পৰা দেহত 

লানি নিচিঙা শব্দ জোৱাৰ সমতল ভূমিতে

এবাৰ জিৰাওগৈ

ব'লা হে..... অলপ খৰধৰ কৰা।



অপূর্ব জোনাক শইকীয়া

 গাঁও/ ডাক:- পদ্মপুৰ

পিন:-৭৮৪১৬৪

জিলা:- লক্ষীমপুৰ (অসম)


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.