এটি অসংলগ্ন কবিতা
এটি অসংলগ্ন কবিতা
সিদিনা বৰষুণ হৈ নামিছিল মোৰ প্রেমবোৰ
ভাৱৰ হৈ উৰি গ'ল তোমাৰ অভিমানবোৰ .........
শেষত তুমিও গুচি গ'লা
মোৰ প্ৰেমৰ বৰষুণ জাকে.
তোমাৰ শুষ্ক হৃদয় জীপাল কৰিব নোৱাৰিলে
যুগান্তৰৰ তেজাল পুৱাত তোমাৰ স্মৃতিয়ে মোক কন্দুৱাই
কুঁৱলীৰ মায়াজাল ফালি ওলাই অহা তোমাৰ মুখনিত
নিজকে মই হেৰুৱাই দিব বিচাৰোঁ।
মই বিচাৰোঁ তোমাৰ দুচকুৰ গভীৰতাত বুৰ যাওক
মোৰ ভালপোৱাৰ সাতোৰঙী ৰামধেনুখন
মোৰ বুকুতো গঢ় লওক শাওন মাহৰ এখন সেউজীয়া পথাৰ
নয়ন জুৰোৱা.... তুলনাবিহীন ......৷
দৃলীনা দাস,
No comments