স্মৃতিৰ অনুভৱেৰে
স্মৃতিৰ অনুভৱেৰে
তোমাৰ সান্নিধাৰ উমাল সন্ধিয়াবোৰ
মোৰ বাবে আজি মাথোঁ সোঁৱৰণি
অনুভৱে ঢুকি নাপায়
ধূসৰ হৈ পৰা তোমাৰ স্মৃতিক ৷
মোৰ হিয়াৰ শূণ্য অনুভূতিক
তুমিটো নাজানা?
মোৰ উশাহ স্পন্দনত কিদৰে
বিয়পি আছা তুমি
তুমিটো নুবুজা
কি পাবৰ বাবে মই
কি হেৰুৱাইছো আজি ?
তোমাৰ সুৰ আৰু
শব্দৰ ৰাগীত মই মাতাল হঁও
তথাপিচোন
মোৰ হিয়াৰ মৌনতাৰ উপহাৰ লবলৈ
তোমাৰ যে নাই আহৰি ৷
তথাপি উন্মনা মনে মোৰ
বাৰে বাৰে তোমালৈ মনত পেলাই।
দৃলীনা দাস
No comments