ড্ৰাগছ-এক বৰবিহ

ড্ৰাগছ-এক বৰবিহ


অদম্য চালিকা শক্তি- এই যুৱ সমাজ

দেশৰ ধৰণী-বান্ধে প্ৰগতিৰ পাগ্ 

বাহুত অসীম বল মনত প্ৰেমৰ ঢল

ঘূণে ধৰিলে দেশৰ হ'বই নগ্ন সাজ,

ভোগত উটি গৈ নিচাত হ'লে আসক্ত

জীৱনৰ ইতিবৃত্ত ড্ৰাগছে কৰে সমাপ্ত !


বিশ্ব বজাৰত এই বৰবিহ সহজ লভ্য

সেৱনৰ ফল ক্ষতিকাৰক মাৰাত্মক,

তিলেই তাল হৈ ৰূপ লয় গুপ্ত ঘাতক

দূৰাৰোগ্য ব্যাধিৰ বীজাণুৰ ঘাই বাহক

মৃত্যু অচিনাক্ত ড্ৰাগছৰ হ'লে অন্ধভক্ত

সমাজৰ বাবে তিক্ত-নিচা জাতীয় দ্ৰব্য !


সমাজনীতি অৰ্থনীতিত পৰে কু প্ৰভাৱ

অসুস্থ চিন্তাৰ বিষময় পৰিণাম,

মানসিক পতনত বাঢ়ে আত্মহত্যাৰ ভাব

হতাশাত হেৰুৱায় জীৱন সংগ্ৰাম ;

উদাসীন অসংযত চলন-ব্যক্তি স্বভাৱ

আভোক অনিদ্ৰা উপসৰ্গত শূন্য বিবেক !


কৰ্মহীনতাই কঢ়িয়ায় মনলৈ বদঅভ্যাস

সৃষ্টিশীলতা স্তব্ধ-আত্মপক্ষত ক্ষুব্ধ,

হাড়ত বন গজে,ড্ৰাগছৰ হয় ক্ৰীতদাস

যৌৱন বন্ধকত বৈৰাগ্যত হয় আৱদ্ধ,

সুপথ সততাৰে সমাজ আৰু চৰকাৰে

ড্ৰাগছ-সমূলঞ্চে ধ্বংস কৰা উচিত,

তেহে বৰবিহৰ পৰা মুক্ত হ'ব দেশৰ ভৱিষ্যৎ !

_________________________________

আমিৰ হুছেইন আহমেদ |

বকো, বামুনবড়ী, কামৰূপ 

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.