জেৰেঙাত জয়াৰ বিননি

 জেৰেঙাত জয়াৰ বিননি

অ' মোৰ বুকুৰ সোণ

তুমি আমাৰ পৰা আতৰি যোৱাগৈ …              

মোৰ বাবে নহয় 

পোনা দুটিৰ বাবে নহয় …


দেশৰ বাবে দহৰ মঙ্গলৰ হ'কে

তুমি আতৰি যাবই লাগিব 

সৌৱা এজন নগা মানুহ আহিছে ,

এয়াই সোণালী সুযোগ …

যোৱা প্ৰিয়তম 

আৰু দেৰি নকৰিবা ।

মনৰ আন্ধাৰ নেওচি,

পোহৰৰ বাটত আগবাঢ়ি …

তুমি ছদ্মবেশেৰে 

আতৰি যোৱা ।

সহিম মই দেশৰ বাবে যান্তনা …

স্বজাতিৰ ৰক্ষা তোমৰ হাততেই 

বঙহৰদেউ ……


সকলো ফালেই দেখুন চোৰাংচোৰাই

 তোমাক বিছাৰিব ধৰিছে ,

লালুকসোলাৰ কুটকুটনীত

ল'ৰাৰজা নিৰ্দেশত 

চাউদাঙে মোক ধৰাই নিলে

জেৰেঙালৈ ……


মাথোঁ এটাই প্ৰশ্ন …?


ক ' তোৰ গিৰিয়েৰ ক'ত 

হে 'ভগৱান 

আৰু কিমান শাস্তি মোৰ …

আমৰলি পৰুৱা, গৰমলোৰ,

গৰম পানি চমতা আৰু চোৱাতৰ কোবত


গাৰ মাংস দুখৰা দুখৰে 

চিগি গৈছে…

কাপোৰ কানি ফাটি তেজেৰে ৰাঙলি হৈছে ,

মুখত এটুপি পানি নাই

তথাপিও প্ৰিয়তম……

মই

সিহঁতক তোমাৰ বতৰা নিদিওঁ …

আৰু ……

মোৰ  বুকুৰ বাছা দুটি ,


কুশলে আছে বা নাই

আজি বহুত দিনেই হ'ল …


সিহঁতক মই দেখাই নাই

হে প্ৰিয়তম 

মৃত্যুৰ আগতে যদি 


তোমালোকক এবাৰ চাব পৰা হ'লে ……


মোৰ জীৱনৰ অন্তিম সময় চাপিছেহি……


মই আৰু বেছিদিন জীয়াই নেথাকোঁ…


যহি খহি গৈছে মোৰ নিথৰ দেহাটি…


হে প্ৰিয়তম…


শেষ বাৰৰ বাবে


এবাৰ বিছাৰো কাষত ,


মাত্ৰ এবাৰ …………।।


মানস প্ৰতিম বৰগোহাঁই, শিৱসাগৰ , নাজিৰা, মাদুৰি গোহাঁই গাওঁ

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.