কিতাপ

কিতাপ 

 ‌‌                  ‌‌চিন্ময় নাথ ( অনুৰাগ )


কিতাপ  মাথোঁ এটি শব্দ নহয় ,

ই হৈছে  জ্ঞানৰ  ভৰাল ।

যুগ যুগ ধৰি মানুহে লাভ কৰে

অভিজ্ঞতা, জ্ঞান আৰু সত্যানুসন্ধান  ,

মাত্ৰ কোটি কোটি কিতাপৰ পৃষ্ঠাত ।

কিতাপৰ পৃষ্ঠাতেই আছে মাথোঁ 

জীৱনমুখী চিন্তা ...

যি মানুহক পৱিত্ৰ পথ দেখুৱাই ।

কিতাপেই মানুহৰ সহৃদয় , 

কিতাপেই মানুহৰ শ্ৰেষ্ঠ বন্ধু ।

কিতাপ হৈছে কাহানিও নুমাই নোযোৱা এক শিখা !

যাৰ পোহৰত জিলিকি উঠে মানৱ,

জিলিকি উঠে জীৱন ।

কিতাপেই মানুহৰ অন্তৰাত্মা পৱিত্ৰ কৰে,

বঢ়ায় জ্ঞানৰ পৰিসৰ ।


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.