মাটি আৰু খেতিয়ক
মাটি আৰু খেতিয়ক
কিমান যে স্বপ্ন জীয়াই থাকে
খেতিয়কৰ হৃদয়ত
নিজৰ পথাৰখনৰ সেই
মাটিৰ বাবে ।
য'ৰপৰা অংকুৰিত হয়
শস্যৰ নৱ গজালি,
সেই মাটিতেই বিলীন হৈ থাকে
খেতিয়কৰ জীৱনৰ বহু
অপ্ৰকাশিত কাহিনী।
মাটি আৰু খেতিতেই
লিপিবদ্ধ হৈ থাকে
খেতিয়কৰ জীৱনৰ
অলেখ কাহিনী।
এই মাটিয়েই যেন
কৃষকৰ জীৱনৰ
স্বৰ্গৰ প্ৰাপ্তি।
মাটি আৰু খেতিয়েই জীৱনৰ
মূল কাহিনী।
য'ত লুকাই থাকে
কৃষকৰ অন্তহীন পৰিশ্ৰমৰ
অন্তহীন স্বপ্নৰ ৰেঙণি।
হিয়া মণি ডেকা

No comments