শৱযাত্ৰাৰ মিছিল

 শৱযাত্ৰাৰ মিছিল


নাছিৰ আহমেদ




চাৰিওফালে আৰম্ভ হৈছে শৱযাত্ৰাৰ মিছিল ----

দেশৰ  স্বাধীনতাৰ শৱযাত্ৰা,

জাতিৰ সত্তাৰ শৱযাত্ৰা,

ভাষা -সাহিত্য আৰু কলা- কৃষ্টি- সংস্কৃতিৰ  শৱযাত্ৰা।

এই শৱযাত্ৰাৰ মিছিলত ময়ো যোগদান কৰিলোঁ।


বৃহৎ বৃহৎ অট্টালিকাৰ অত্যাধুনিক বিলাস কক্ষত 

অসংখ্য প্ৰেতাত্মাৰ হিয়াভঙা ক্ৰন্দন !

পাশ্চাত্যৰ উচ্চস্বৰৰ তালে তালে উদ্দাম নগ্ন নৃত্য

বিলাতী মদৰ গোলাপী নিচাত মত্ত 

দুৰ্দান্ত প্ৰেমিকৰ হাতত আগ্নেয়াস্ত্ৰ!

মজিয়াত ডোঙা বান্ধিছে তেজৰ চেকুৰা

দমে দমে পৰি আছে অসংখ্য কটা মূৰ ।


চাৰিওফালে আৰম্ভ হৈছে শৱযাত্ৰাৰ মিছিল

ৰেচনৰ দোকানত ভিক্ষাৰ জোলোঙা লৈ ৰৈ আছে 

অকৰ্মণ্য ,এলেহুৱা, অ-পৰিণামদৰ্শী ভিক্ষাৰীৰ শৱযাত্ৰা, 

 নিষিদ্ধ গলিত কেঁচা মঙহ বিক্ৰী কৰা বনিতাৰ শৱযাত্ৰা

বানেধোঁৱা শিবিৰত অসহায় উদ্বাস্তুৰ শৱযাত্ৰা ,

দাৰিদ্ৰ আৰু দুৰ্বিসহ ঋণৰ বোজাত কোঙা হৈ

আত্ম-হনন কৰা কৃষক শ্ৰমিকৰ শৱযাত্ৰা ।


বহুবল্কী ভণ্ড ৰাজনৈতিক নেতাৰ শৱযাত্ৰা ,

প্ৰশংসাত পঞ্চমুখ অন্ধ স্তাৱকদলৰ শৱযাত্ৰা ,

কামুক পুৰুষৰ বাহুবন্ধনত আৱদ্ধ নেতৃৰ শৱযাত্ৰা !


পুনশ্চ :- আত্মসন্মান ৰক্ষাৰ নামত আত্মহত্যা কৰা হে ভদ্ৰ মহিলা, 

তোমাৰ বাবে আত্মহত্যা বিলাসিতাৰ নামান্তৰ।


চাৰিওফালে আৰম্ভ হৈছে শৱযাত্ৰাৰ মিছিল------

দেশৰ স্বাধীনতাৰ শৱযাত্ৰা ,

জাতিৰ সত্তাৰ শৱযাত্ৰা ,

ভাষা -সাহিত্য আৰু কলা- কৃষ্টি-সংস্কৃতিৰ শৱযাত্ৰা ।

এই শৱযাত্ৰাৰ মিছিলত ময়ো যোগদান কৰিলোঁ।


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.