দেউতাৰ ভঙা চাইকেল
দেউতাৰ ভঙা চাইকেল
=================
✍ চুমিয়া আকতাৰা
উদমাৰী, নগাঁও
দেউতাৰ এই ভঙা চাইকেলখন দেখিলেই
মোৰ বুকুখন বিষাবলৈ ধৰে।
এই চাইকেলেৰে গাঁৱে গাঁৱে ঘূৰি
দেউতাই টকা উপাৰ্জন কৰে।
প্ৰচণ্ড ৰ'দত ঘাম বৈ যোৱা দেউতাই
যেতিয়া গধুলি আহি
চাল বাকলি যোৱা
এই ভঙা চাইকেলখনৰ পৰা নামে
তেতিয়া মন যায় এই চাইকেলখনকেই
ভাঙি খণ্ড খণ্ড কৰি পেলাম।
আৰু কিমান দেখিম
দেউতাৰ এই ভঙা চাইকেলখন?
আৰু কিমান দেখিম
দেউতাৰ ক্লান্ত মুখখন?
কেতিয়াবা এনেকুৱা লাগে যে
চাইকেলখনো ভাগৰি পৰিছে।
কিন্তু....
দেউতাই যে হাৰ মানিব নিবিচাৰে।
ৰ'দ-বৰষুণ বতাহ-ধুমুহা
একোৱেই নামানে।
কাউৰী পুৱাতেই ওলাই যায়
এই ভঙা চাইকেলখন লৈ।
ইমান কষ্টৰ পিছতো দেউতাৰ দুচকুত
ৰঙীন স্বপ্ন দেখিবলৈ পোৱা যায়
দেউতাৰ যেন আকাশ চুবৰ মন।
নাজানোঁ বিধাতাই কিহৰ পৰীক্ষা লৈ আছে
দেউতাৰ এই ভঙা চাইকেলখন
আৰু কিমান বা চলাব লাগে!
No comments