মদ্যপান

  মদ্যপান 
              

                                                              মনোৰমা দাস                                

আইতা, আইতা কোৱাচোন কোৱা , তাৰ পাচত কি হ'ল ?  যোৱা যোৱা পাচত কম । এতিয়া সন্ধিয়া চাকি বন্তি দিবৰ হ'ল । ময়ো ভগবানৰ নামত কিবা এটাকে আওৰাও ।     
"প্ৰকৃতি পুৰুষ দুইৰো               
নিয়ন্তা মাধব                                       
সমস্তৰে  আত্মাহৰি পৰম বান্ধৱ ।।" 
হে হৰি, আকৌ উভতি আহক  শাশ্বত ভাশ্বত প্ৰকৃত ভাৰতীয়  কৃষ্ণ সংস্কৃতি ।                                 
হঠাত দুৰৰ পৰা গীতৰ কলি এটি বতাহত ভাহি আহিল ।         " সন্ধিয়াৰ আকাশত  বগলী উৰে , আইৰে ঘৰলৈ মনতে পৰে " । এক চেকেণ্ডৰ বাবে আইতাক গৰীমাৰ মনটো শৈশৱত কটোৱা মাকৰ ঘৰখনলৈ মনত পৰি গ'ল । পুনৰ নাতি দুটাই আইতাকৰ ওচৰলৈ দৌৰি আহি কবলৈ ধৰিলে ---- আইতা কোৱানা সাধু কথাটো । তাৰ পাচত কি হ'ল ? এয়া সাধু কথা নহয়ো সোনমইনাহ'ত । সচা ঘটনা ।            সেই যে আমাৰ ঘৰৰ সিটো পাৰৰ চুবুৰীতে থকা  ৰাজেনৰ ঘৰৰ ঘটনা । সি দিনে ৰাতিয়ে সেইসোপাকে  গিলি গিলি  জীৱনটো শেষ কৰিলে । এতিয়া ল'ৰাছোৱালীহাল আৰু তাৰ ঘৈনীজনী অকলশৰীয়া হ'ল । ঘৰৰ অৱস্থাও  তথৈবচ । তাই কিবা এটা কাম নকৰিলে ল'ৰাছোৱালীহালক ডাঙৰ কৰিব নোৱাৰিব । সেয়ে সভাসমিতিয়ে কও -- সেইসোপা গিলি গিলি  কিয় ইমান সুন্দৰ জীৱনটো  শেষ কৰিব লাগে ? সেইসোপা মানে কি আইতা ?  নাজানা... । সেইসোপামানে নিচাজাতীয় সামগ্ৰী ।মানে মদ ।মদ মানে কি আইতা, বুজায় দিয়াচোন । শুনা তেতিয়াহলে ------ মদক ইংৰাজীত কোৱা হয় ALCOHOL .এই কথা সকলোৱে জানে ।কিন্তু  এই শব্দৰ ভিতৰত  লুকাই আছে, ইয়াৰ ভয়াবহতা ।ভালদৰে বুজাই  দিও দেই ।A-- Toxic Amblyopia বা দৃষ্টিশক্তি  হ্ৰাস পোৱা ।                L-- Lung diseases বা হাওফাওঁৰ বিভিন্ন ৰোগ ।C--Cerbral diseases বা মস্তিস্কৰ ৰোগ ।O-- Obicity বা মেদ বহুলতা ।    H-- Heart diseaes বা হ্নদপিণ্ডৰ ৰোগ ।                         O-- Optic Alrophy বা চকুৰ নাৰ্ভ শুকুৱা ।                            L--Liver Cirrosis বা কলিজাৰ ৰোগ ।                       সেয়েহে সেইসোপা পানৰ বাবে  মানুহৰ পৰিশ্ৰম ক্ষমতা দ্ৰুতগতিৰে হ্ৰাস পাইছে , লগতে  দ্ৰুতগতিৰে বৃদ্ধি পাইছে নানা ধৰণৰ শাৰীৰিক আৰু মানসিক ৰোগ ।                   অন্ধ প্ৰদেশৰ সবাস্থ্য  বিভাগৰ  ভূতপুৰ্ব  অতিৰিক্ত সঞ্ছালক  ডা: ৰামাযোগীয়ে এটি লিখনিত  লিখিছিল  যে,  "First you take a drink , then the drink takes a drink , then the drinks  takes you ."  বুজিলা নে এতিয়া ? তোমালোকে ইংলিচ মিডিয়ামত পঢ়া । বুজিছা নিশ্চয় । তেনেহ'লে  আইতা -- আমাৰ ঘৰৰ কাষতে ইমান মদৰ দোকান কিয় লাগে ? সেইচব তোমালোকে এতিয়া নুবুজিবা । ডাঙৰ হ'লে বুজিবা । মুঠতে এইটো বুজা, মদ্যপান কৰা মানে বিষ পান কৰা ।।।


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.