মুখা

 মুখা

        দিপ্তী মনি গোস্বামী

       



মুখাৰ আঁৰত থকা এখন মুখা,

অদৃশ্য হৈ থাকে 

বন্ধ তলাৰ ভিতৰত।


খুলিবলৈ এটি চাবিৰ প্ৰয়োজন,

সেই চাবি সোমাই থাকে

এজাক প্ৰলয়ৰ হাতত।


সেই প্ৰলয় হয়তো

এজাক ধুমুহা,

নতুবা অনাকাংক্ষিত এজাক বৰষুণ।


ধুমুহাৰ বেগত উৰি যায়

মুখাৰ কৃত্ৰিম চামনিবোৰ

নাইবা বৰষুণে ধুই পেলায় কৃত্ৰিম ৰঙবোৰ।


উদং অৱয়বত জিলিকি উঠে

মুখাৰ আঁৰত থকা

বিভৎস সেই মুখাবোৰ।


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.