মই প্ৰিয় প্ৰেমিকা

 মই প্ৰিয় প্ৰেমিকা 




বৰষুণৰ চেঁচা বতাহে 

মোক ৰিঙিয়াই মাতিছে ,

প্ৰিয় প্ৰেমিকা বুলি ।

ভালপোৱা আছে বহু 

মোৰ এই কোমল হৃদয়ত ,

মইও স্বযতনে প্ৰেম প্ৰকাশৰ 

প্ৰস্তাৱ আগবঢ়ালোঁ ;

দুয়োটা হৃদয়ৰ ভাৱনা একমত ।

আৱেলি প্ৰতিদিনাই 

মই চোতালত বহি ...

সেই বতাহ প্ৰেমিকক 

অপেক্ষা কৰোঁ ।

কেতিয়াবা হঠাৎ আহে 

কেতিয়াবা গাজনি প্ৰকাশেৰে ,

মোৰ কোমলীয়া দেহাটোক

প্ৰেমময় টোপালবোৰে 

শান্ত কৰি দিয়ে ।

মই শান্ত পক্ষী ।।



                    ৰুম্পী দাস 


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.