পৰাজয়
পৰাজয়
তোমাৰ ভালপোৱা,
পোৱাৰ সৌভাগ্য,
যদি নাপাও কেতিয়াও।
তোমাক ভাল পায় যাম,
চিৰকাল তথাপিও।
ভালে পাইছোঁ তোমাক,
একো চুৰি তো কৰা নাই।
হৃদয়খনকে দিছোঁ তোমাক,
বিনিময়ত একো লোৱা তো নাই।
তোমাৰ প্রতি আসক্ত হৈ,
নিজ কৰ্তব্য পালন কৰি যাম।
তোমাৰ অবিহনে বেলেগলৈ,
মই এপলক দৃষ্টিৰেও নাচাম।
তোমাৰ প্রতি মোৰ প্রেম অথৈ,
তাত কোনো সন্দেহ নাই।
যদি কৈছা মোৰ প্রতি তোমাৰ অনুভূতি শূন্য,
তথাপিও মোৰ কোনো আফচচ নাই।
কিবা হেৰুৱাৰ বা পোৱাৰ
মনত নাই কোনো ভাবুকি।
তোমোক ভালপায় মই,
সকলোতকৈ সুখী।
যদি এই ভালপোৱা কভু হয় ক্ষয়,
সেই দিনাই মোৰ হ'ব মহা পৰাজয়।
শান্তা দাস

No comments