স্বাধীনতাৰ জয়গান

স্বাধীনতাৰ জয়গান

বৃটিছৰ শোষণ শাসনৰ পৰা মুক্ত কৰিবলৈ 

কত শ্বহীদে তেজৰ নদী বোৱাইছিল 

কত পিতৃ-মাতৃৰ বুকু শুদা হৈছিল 

কত পত্নীৰ কপাল উকা হৈছিল

কত সন্তান পিতৃহাৰা হৈছিল 

কত গুণী জ্ঞানী, মহান ব্যক্তিৰ

পৰাধীনতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ

ফলস্বৰূপে স্বাধীনতা আহিছিল !

স্বাধীন ভাৰতৰ জয়গান গাই 

বীৰ শ্বহীদ সকলক সোঁৱৰণ

এতিয়া যে স্বাধীনতাৰ গৰিমাত 

কালিমা লাগিল !

ভাতৃ সংঘাত , অন্যায় , অনীতি ,

 হত্যা , ধৰ্ষণ আদিৰ দৰে জঘন্য অপৰাধে 

চৌদিশ ছানি ধৰিছে ,

ড্ৰাগছ, ভাং ,সুৰাৰ মুক্ত বেহা 

এয়া যে যুৱসমাজলৈ অশনি সংকেত 

মুক্ত মনে নিজ দেশতে বিচৰণ কৰিবলৈ

 ভয়,শংকাই আগুৰি ধৰে 

স্বাধীনতাৰ আঁৰত যেন 

পৰাধীনতাৰ পোছাক পিন্ধি বৰ্তমান 

দেশ, জাতি , মাটি, জনতা দুঃখগ্ৰস্ত !

তথাপিও মুকলি আকাশৰ তলত

স্বাধীনতাৰ পবিত্ৰ ত্ৰিৰংগা পতাকা উৰিব 

সকলোৱে সমস্বৰে স্বাধীনতাৰ

জয়গান গাব 

জন , গণ , মন অধিনায়ক জয় হে

ভাৰত ভাগ্য বিধাতা ।


ৰীমা গায়ন বৰা


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.