মাটিৰ মানুহ
মাটিৰ মানুহ
অহংকাৰ কৰা নেকি
জীৱনক লৈ ?
যদি কৰা--কিহৰ বাবে ?
মাটিৰ মানুহ--!!
মিলি যাবা মাটিৰ লগত
থাকি যাব খোজ
মাথোঁ সময় বালিত--!
তুমি জানো উভতি আহিবা
এৰি থৈ যোৱাবোৰ বিচাৰিবলৈ ?
হাঃ হাঃ হাঃ
কি যে অহংকাৰ মানুহৰ
ক্ষন্তেকীয়া মোহক লৈ !
জীৱনটো পাৰ কৰে
কেৱল সম্পত্তি আৰু আত্মভিমানতে।
ভাবিবলৈ পাহৰি যায়
জীৱনৰ ক্ষণস্থায়ী অস্তিত্বৰ কথা।
পোৱা-নোপোৱা আৰু
লাভ-লোকচানৰ পৰীক্ষাতে
দৌৰি থাকে সময় ঘোঁৰা
সকলোতে কেৱল
অঘোষিত প্ৰতিযোগিতা ...।
আয়নাল হক, ধুবুৰী

No comments