স্বাধীনতা

স্বাধীনতা

বীৰত্বৰে গগন ফলা ৰণধ্বনিৰে

বৃটিছৰ স'তে যুঁজিবলৈ 

আগুৱাই যোৱাৰ

অভূতপূৰ্ব প্ৰয়াস।


মহান স্বাধীনতা সংগ্ৰামীৰ

ত্যাগ স্বীকাৰৰ দলিল

শত-সহস্র শ্বহীদৰ 

কেঁচা তেজৰ গোন্ধ

 নাকত লাগি ধৰে

আজিও,

স্বদেশ স্বজাতিৰ হকে

প্রাণ আহুতি দিয়াৰ বিনিময়

স্বাধীন ভাৰতৰ নাগৰিক আমি।


তেজৰ কোঁহে কোঁহে 

সোমাই আছে অশেষ বেদনা

সহিছে যাতনা

অহিংসাৰে বশ কৰি

সোণৰ মাতৃভূমিক দিলা উপহাৰ

গৌৰৱময় ভাৰতৰ 

অনেক মহান সংগ্ৰামী

সৰ্বোচ্চ বলিদানেৰে

দিছে সুৱৰ্ণ উপহাৰ

অসমী আইৰ বীৰ সন্তান

কুশল কোঁৱৰ, মণিৰাম দেৱান

পিয়লী ফুকন আৰু

অনেকে দিছে প্রাণ আহুতি।


নিজৰ লগতে প্রজন্মক

গঢ়িব লাগিব

স্বাধীন দেশৰ সেনানী আমি 

আছে আমাৰ

জগত জিনাৰ অযুত সপোন

সূৰুযৰ প্ৰদীপহৈ জ্যোতি বিলাই

সহস্ৰ বাধা-বিঘিনি নেওচি

আগুৱাবই লাগিব।


আজি,

অন্যায়-অত্যাচাৰ,হিংসা-বিদ্বেষ

ধৰ্ষণ,লুন্ঠণ, শোষণক

অগ্নিৰে দাহ কৰি

প্রকৃত স্বাধীনতা কাঢ়ি লোৱাৰ

সময় সমাগত।


মোৰ প্ৰাণ-তান কেৱল মাথোঁ

মাতৃভূমিৰ হকে

এতিয়াও

বহুদূৰ বাট 

হৃদয়ঙ্গম কৰিবই লাগিব

শ্বহীদ-বীৰৰ আত্ম-বলিদান।


  বাহাৰুল ইছলাম ( শিক্ষক)


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.