প্ৰেমৰ উপকূলত জীৱন'

 'প্ৰেমৰ উপকূলত জীৱন'



প্ৰেমৰ প্ৰটিতো পৃষ্ঠাতে

জীৱনে লয় উশাহ

শব্দবোৰে কথা কয়

প্ৰেমৰ

লুকা বাৰু খেলে 

ভালপোৱা সাগৰত

এৰি অহাৰ পিছতো 

জীয়াই থাকে প্ৰেম

দুয়ো দুয়োৰে মাজত

কাৰোবাৰ কণকুহুৰত

কাৰোবাৰ বাবে পৰশত

হয়টো কাৰোবাৰ হৃদয়ত

মোৰ সৈতে পাতিবাচোন কথা

হাঁহিবা গাবা,খেলিবা নাচিবা

মোৰ হৃদয় নন্দনত

থাকিম মই সদায়

তোমাৰ সৈতে জীয়াই

এতিয়া থকাৰ দৰেই সদায়

মই থাকিম সাহস হৈ

বিশ্বাসত তোমাৰ


অজন্তা দও বৰা

নগাওঁ

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.