আহিনৰ প্ৰিয় সন্ধিয়াটোৰ দৰেই

 আহিনৰ প্ৰিয় সন্ধিয়াটোৰ দৰেই

          কিশোৰ কুমাৰ কলিতা

আপুনি জোনাকৰ ৰূপোৱালী মাদকতা

যৌৱনৰ হীম চেচা সুগন্ধি শীতলতা


আহিনৰ সন্ধিয়াবোৰ আপোনাৰ প্ৰিয়

দুচকুৰে বৈ অহা নৈখনো আপোনাৰ চিনাকি।

আপুনি নিজৰ সতে পাৰ কৰা নাই দুখৰ ৰাতি।

( তথাপিও আপুনি আপোনাৰ হৈয়ে থাকিব। )


আপুনি নিজৰ মাজতেই কবিতা আওৰাই

বিষাদৰ বাট হেনো আপোনাৰ প্ৰিয় সহযাত্ৰী

(যদিওবা আপুনি নিবিচাৰে নিসংগতা।)


আপোনাৰ অজ্ঞাতে আপুনি সাচিছে জোনাক।

মুখৰ দুওঠেৰে দিব পাৰে সেউজীয়াৰ সন্ধান

(যদিওবা আপুনি পৰিধান নকৰে তেনে সাজ।)


আপুনি পিৰালীত বহি অধীৰ আগ্ৰহেৰে ৰৈ থাকে

আহিনৰ প্ৰিয় সেই সন্ধিয়াটোলৈ

অথচ আপুনি বৰষুণত তিতা নাই কোনোদিনে।

(আচলতে আপুনি হেৰুৱাব নিবিচাৰে নিজক।)


আহিনৰ প্ৰিয় সন্ধিয়াটোৰ দৰেই

কিয় নহয় বাৰু ভালপোৱাৰ সৰল জীৱনবোৰ !


আপুনি আপোনাৰ সতে কথা পতা নাই কাহানিও

অজুহাত এটাৰেই নিজকে সুধিবচোন কেতিয়াবা

ভালপোৱা কিমান গভীৰ হলে বুকুত সাচিব পাৰি

প্ৰেমৰ জোনাক  !


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.