সুদক্ষ খেতিয়ক
সুদক্ষ খেতিয়ক
নয়নতৰা আৰু ৰামেশ্বৰৰ সুখৰ সংসাৰ খনত এজন ল'ৰা আৰু এজনী ছোৱালী । ৰক্তিম আৰু অলিচা বৰ মৰম লগা । ওচৰ-চুবুৰীয়া সকলোৱে জানে সিহঁতক আৰু মৰমো কৰে বহুত । ল'ৰা ৰক্তিম শান্ত স্বভাৱৰ । সেয়ে সি দোকানৰ ভাজা, চকলেট , বিস্কুট আদি কিনি খাই টকা পইচা খৰচ নকৰে । মাকে বনোৱা পিঠা খাবলৈ , ৰুটি , লাৰু ,মালপোৱা আদি খাই ভাল পায় । ৰক্তিমৰ দেউতাকে ৰামেশ্বৰে হাজিৰা কৰে যদিও তেওঁ এজন সুদক্ষ খেতিয়ক । উচ্চ শিক্ষা লাভ কৰা ৰামেশ্বৰে চৰকাৰী চাকৰিৰ পিছত দৌৰি নুফুৰি পিতৃ সম্পত্তি ৰূপে থকা ৫০ বিঘা মাটিত আধুনিক পদ্ধতিৰে খেতি কৰি সংসাৰ সুন্দৰ কৈ চলাইছিল । পিছত তেওঁৰ ককাইদেউ ,ভাইটি আৰু তেওঁৰ মাজত মাটিখিনি ভাগ বতৰা কৰি দিয়ে আৰু তেওঁৰ ভাগত পৰা মাটিখিনি মাক-দেউতাকৰ চিকিৎসা কৰাৰ বাবদ বিক্ৰী কৰিব লগা হৈছিল। । আৰু তেতিয়াৰ পৰাই দিন হাজিৰা কৰি জীৱিকা অৰ্জন কৰিছিল। আৰ মাখিৰ মূৰৰ ঘি কাঢ়াৰ দৰে অলপ অলপ পইচা জমা কৰিছিল যাতে কেইবিঘামান মাটি কিনি খেতি কৰিব পাৰে। কেঁচা মাটিৰ গোন্ধই তাক বৰকৈ আমনি কৰে । খেতি কৰি ভাল পোৱা ৰামেশ্বৰে দিন হাজিৰা কৰি শান্তি পোৱা নাছিল ।
আৰু এদিন সাঁচতিয়া ধনেৰে দুইবিঘা মাটি কিনিলে । এই বেলি মহাজনৰ পৰাও মাটি দহবিঘা আধিয়া হিচাবে লৈ খেতি কৰিছে । ভগৱানৰ কৃপাত খেতি খলাও ভাল হৈছে । মনতে ভাবিছে খেতি চপোৱাৰ পাছত আন আন পাচলিৰ খেতিও কৰিব । নয়নাইও গিৰিয়েকৰ কামত পূৰ্ণ সহযোগ আগবঢ়াই আহিছে । ল'ৰা ছোৱালী হালক পঢ়োৱাৰ পৰা সকলো কাম নিজে কৰে । নিজৰ ঢেকীত পিঠা গুৰি খুন্দি বিভিন্ন ধৰণৰ পিঠা পণা বনাই সিহঁতক খুৱাই । আজি ৰাতিপুৱাই নয়নাই কন্ট্ৰেল দোকানৰ পৰা পোৱা চাউলেৰ পিঠাগুড়ি খুন্দি সকলোৱে ভাল পোৱা খলাচাপৰি পিঠা বনাবলৈ ধৰিছে । পিঠাৰ গোন্ধ পাই ৰক্তিমে মাকৰ ওচৰলৈ আহি কি পিঠা বনাইছে , ইমান সুন্দৰ গোন্ধ ওলাইছে যে বুলি সুধিলে । মাকে তাক ক'লে যে - --খলাচাপৰি পিঠা । তুমিচোন বৰ ভাল পোৱা।
--উম। হয় মা মই পিঠা বৰ ভাল পাওঁ। ঘৰত বনোৱা সকলো পিঠাৱে সোৱাদ ।
আজি পিঠাৰ গন্ধটো অলপ বেলেগ হোৱা বাবে শুধিলো ।
-- আজি ঘিৰে বনাইছোঁ । সেই বাবে গন্দটো বেলেগ যেন লাগিছে। তুমি দোকানৰ বস্তু বেয়া পোৱা যে ।
--তুমি বৰ ভাল মা । মোৰ বাবে ইমান কষ্ট কৰা।
--এইবোৰ একো কষ্ট নহয় । মাত্ৰ তোমালোক দুয়ো ভাই ভনী ভালকৈ পঢ়ি ডাঙৰ মানুহ হোৱা।
-- পঢ়িম মা । চিন্তা নকৰিবা। মা ৰুণজুন, বুবুল আৰু ৰুবুল হতঁক পিঠা খাবলৈ মাতি আনো নে ?
--মাতা আকৌ । সেইটো মোক সুধিব লাগে নে ? মই ডসৰহকে বনাইছোঁ পিঠা । মাতি আনাগৈ যিহেতু আজি ৰবিবাৰ । স্কুলও নাই ।
--ঠিক আছে বুলি কৈ ৰক্তিমে বন্ধুবৰ্গক মাতিব গ'ল। ৰক্তিমক বুবুলৰ মাকে ক'লে যে -যোৱা ৰাতি বুবুলৰ পেট বিষাইছে । গতিকে সি নাযায় । কিন্তু বুবুলে পিঠাৰ কথা শুনি একেকোবে বিচনাৰ পৰা উঠি বহিল আৰু মাকক ভাল পোৱা বুলি কৈ ৰক্তিমৰ লগত গুচি আহিল । লগত ৰুণজুন আৰু ৰুবুলো আহিল ।
ৰক্তিমৰ মাকে আটাইকেইটাইকে ৰঙা চাহ আৰু পিঠা খাবলৈ দিলে । বুবুলৰ পেটৰ বিষ উঠা বুলি শুনি ৰক্তিমৰ মাকে তাক ক'লে --ৰুবুল মুনু তুমি এতিয়াৰ পৰা দোকানৰ বস্তু বেছিকৈ খোৱা বাদ দিব লাগিব । কাৰণ যোৱা ৰাতি তোমাৰ হেনো ইমান পেট বিষাইছে যে তোমাৰ লগতে তোমাৰ মা-দেউতাৰো টোপনিৱে নাহিল । ৰক্তিমৰ মাকৰ কথা শুনি ৰুবুলে দোকানৰ বস্তু নেখাওঁ বুলি কথা দিলে । আৰু পিঠাৰ সোৱাদ লৈ মাকৰ ওচৰত বহি চাই থাকিল কেনেকৈ পিঠা বনাই । আৰু কিবা কিবি সুধি থাকিল যেন প্ৰশ্নৰ বৰষুণহে নামিল । ৰক্তিমৰ মাকেও উত্তৰ দি গ'ল । সি আজি হে পিঠা খাই পালে কাৰণ তাৰ মাকে তেনেকৈ পিঠা নবনাই ।ৰুটি নাইবা মেগি বনাই দিয়ে ।
ইফালে ৰুণজুনেও পিঠা সোৱাদ পাই টকালি টকালি পিঠা খোৱাত লাগিল। ৰক্তিমৰ মাকৰ সিহঁতৰ খোৱাৰ লক্ষণ দেখা পাই হাঁহি উঠি গ'ল। আৰু সিহঁতক লাহে লাহে বহি লৈ পিঠা খাবলৈ ক'লে। চাউলেৰে কিমান বিধ পিঠা বনাব পাৰি তাৰ নাম কৈ গ'ল। যেনে
--খলাচাপৰি পিঠা, তেল পিঠা, তিল পিঠা, ঘিলা পিঠা,টেকেলি পিঠা ,চুঙা পিঠা,পানী পিঠা, সুতুলী পিঠা, নাৰিকল পিঠা,কল পিটৃঠা, তাল পিঠা আদি। দোকানৰ বস্তু খালে গেছ হ'ব। ঘৰত চাউলেৰ পিঠাগুড়ি খুন্দি বিভিন্ন বস্তু তৈয়াৰ কৰি খাব পাৰি বুলি সিহঁতক বুজনি দিলে । আৰু সিহঁতেও মাক হতঁক মিক্সিত পিঠাগুড়ি খুন্দি পিঠা বনাই দিবলৈ ক'ব বুলি ৰক্তিমৰ মাকক ক'লে। মাকেও আটাইকেইটাইকে মৰমেৰে সাবটি ধৰি চুমা খালে আৰু চাইচিটি খোৱা খাদ্য খাবলৈ উপদেশ দিয়ে। সিহঁতেও যিকোনো বস্তু নাখাও বুলি প্ৰতিশ্ৰুতি দিলে আৰু ঘৰাঘৰি গুচি গ'ল।
নিজৰা বৰ্মন ডেকা

No comments