মাটিৰ মানুহ

 "


মাটিৰ মানুহ"

      

           (১)

শাওনৰ পথাৰত দেহৰ ঘামৰ নিছানেৰে 

তেওঁলোকে লিখে হেঁপাহৰ গান,

পথাৰৰ কেঁচা মাটিৰ গোন্ধ 

যাৰ প্রিয়,প্রিয় যাৰ বৰষুণ

কাৰণ তেওঁলোক মাটিৰ মানুহ...

               

            (২)

শাওনৰ পথাৰৰ সেউজীয়া ধাননি- ডৰাই

তেওঁলোকৰ মনত জগাই 

তোলে এটি নিভাঁজ হাঁহি,

কেঁচা খেৰীঘৰটোৰ সৈতে তেওঁলোকৰ 

এৰাতি সুখৰ,এৰাতি দুখৰ নিদ্ৰা,

কাৰণ তেওঁলোক মাটিৰ মানুহ...

 

             (৩)

গাঁওৰ ৰাতি কেতেকী চৰাইৰ মাত

মুকলি আকাশৰ জোনটোৱে,

তেওঁলোকৰ হৃদয়ত জগাই তোলে 

ভালপোৱাৰ হেঙুলীয়া বাঁহী..!!

কাৰণ, তেওঁলোক মাটিৰ মানুহ।


নৱজ্যোতি কাশ্যপ 

জে.বি আইন মহাবিদ্যালয় ,গুৱাহাটী।



No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.