মাটি আৰু খেতিয়ক

 মাটি আৰু খেতিয়ক

মাটি আৰু খেতিয়ক

এজন আনজনৰ পৰিপূৰক,

মিত্ৰতাৰ আচল পৰিচয়

খেতিয়কৰ প্ৰকৃত আশ্ৰয়।


খেতিয়কৰ প্ৰাণ মাটিতে

জী উঠে জীৱনলৈ,

মাটিৰ প্ৰাণ খেতিয়কেৰে

সপোন ৰচে প্ৰকৃতিকলৈ।


মাটি আৰু খেতিয়ক অবিহনে

পৃথিৱীখন আমাৰ অচল,

শত শ্ৰদ্ধাৰে প্ৰণাম যাচিলোঁ

গৰ্বিত হৃদয়েৰে প্ৰতিপল।


খেতিয়কৰ পৰিচয় দুখীয়া

চাবলৈ গ'লে তেওঁলোকেই ৰজা,

শিক্ষিত যিমানেই নহওঁ কিয়

আজিও আমি খেতিয়কৰ প্ৰজা।


মাটি নিস্বাৰ্থৰে আশ্ৰয় দিয়ে

অতি মৰম ভালপোৱাৰে,

আমি সুযোগ বিচাৰি

উপহাৰ দিওঁ অপব্যৱহাৰেৰে।


মাটি আৰু খেতিয়ক

দুটা মাথোঁ শব্দ নহ‌য়,

মাহাত্ম্য বুজিবলৈ হ'লে

পাৰ হৈ যাব জীৱন নৈ।


খেতিয়ক আমাৰ প্ৰাণ

মাটি আমাৰ শক্তি,

অবহেলিত নকৰি সকলোৱে

কৰা কৰযোৰে ভক্তি।


                শিল্পী দাস

 


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.