আসক্তি

আসক্তি


     

       পৰিয়ালৰ সকলোৱে বিস্ময় মানিছে।আশ্চৰ্যজনক ঘটনা।সকলোৰে মুখে মুখে বু-বু বু-বুৱা অজস্ৰ গুণাকথা।"মাক-বাপেকে আজিলৈকে তামোল এখনো মুখত দি পোৱা নাই।মাদক দ্ৰব্যৰ পৰাও দূৰতে থাকে।কাষ চাপিবই নিবিচাৰে।চিনাকি কাৰোবাৰ মাদকদ্ৰব্যৰ প্ৰতি আসক্তি থাকিলেও কেনেকৈ আঁতৰ কৰিব পাৰি তাতহে বেছি গুৰুত্ব আৰোপ কৰে।"

     ৰঞ্জু আৰু দীনেশে পুত্ৰ নীৰৱক সৰুৰে পৰাই সুশিক্ষাৰে গঢ়ি তুলিছিল।পঢ়া-শুনাৰ লগতে আচাৰ-ব্যৱহাৰেৰে মূল্যবোধ শিক্ষা পৰিয়ালবৰ্গই প্ৰদান কৰিব চেষ্টা কৰিছিল।নীৰৱেও সকলোখিনি আয়ত্ত কৰিয়ে নিজকে আগবঢ়াই লৈ গৈছিল।সময়ৰ সূতত কোনোবা পাকত এনে কিছু ব্যক্তিৰ পাকচক্ৰত সোমাই পৰিল।নিজৰ অস্তিত্বই যেন কৰবাত  হেৰুৱাই পেলালে।মদ,ভাং,ড্ৰাগ্‌চ সেইবোৰে সংগী হৈ পৰিল।মাদকদ্ৰব্যৰ প্ৰতি আসক্ত হৈ নিজক হেৰুৱাৰ পথত।পুত্ৰৰ এনে কাণ্ডত পিতৃৰ মনত ভাব হ'ল,শিক্ষা দিয়াত কৰবাত কেৰোণ লাগিল নেকি।



ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.