প্ৰেমিক চৰাই মই (১়়)
প্ৰেমিক চৰাই মই (১়়)
প্ৰেমৰ হৃদয়খন খুলি দিলোঁ তোমাৰ বাবে
তোমাৰ নামতে সুখ বিচাৰি পাওঁ
এবাৰ চাই লোৱা মোক তুমি
মই তোমাৰেই জীৱনৰ প্ৰেমিক চৰাই
নীলা আকাশৰ তলত মই তোমাৰ পাগল হৈ
হৃদয়ে, প্ৰাণে ভাল পাওঁ তোমাক
নীলা আকাশত নানা তৰহৰ ৰঙৰ ৰামধেনু মই
মোৰ মন,মোৰ ভাৱনা তুমিয়েই
তোমাৰ প্ৰেমিক চৰাই মই
তোমাৰ প্ৰেৰণা মই
তোমাৰ হাঁহি মই
তুমি মোৰ প্ৰাণৰ প্ৰাণ,জীয়াই আছোঁ বহুতো ভাল পোৱাৰ আশাৰে
তোমাক পাবলৈ টান যদিও
তোমাক প্ৰেম কৰা এৰা নাই
কাৰণ মই তোমাক ভাল লাগে বুলি ভাল নাপাওঁ
তোমাৰ হৃদয় আৰু মোৰ হৃদয় একেটাই আত্মাৰ
এতিয়া তোমাৰ প্ৰেমিক চৰাই মই
হাইছ উদ্দিন আহমেদ, নগাঁও

No comments