বোকাত জন্মা গাঁওখনলৈ নামি আহিছে এচাতি পোহৰ
বোকাত জন্মা গাঁওখনলৈ নামি আহিছে এচাতি পোহৰ
চকুৰ পচাৰতে ঘৰখন জীৰ্ণ-শীৰ্ণ-দীৰ্ণপ্ৰতিবেশী হৈছে হতভম্ব
ল'ৰাৰ পঢ়িবলৈ প্ৰবল ইচ্ছা
টকাৰ সোঁত বোৱাবলৈ
নাঁওখনৰ টুলুং-ভুটুং অৱস্থা,
ল'ৰাই পাইছে ডিষ্টিংশ্যন
বোকাত জন্মা গাঁওখনলৈ আনিছে সুখৰ বতৰা
জিলিকিছে উজ্জ্বল নক্ষত্ৰৰ দৰে।
মাতৃয়ে ধাৰ-ঋণ কৰি
উচ্চতৰ মাধ্যমিকত পঢ়োৱাৰ প্ৰস্তুতি
পিতৃৰ কোনো কাণসাৰে নাই,
নিচাসক্ত হৈ বৰ বৰ কথাৰে
আনক জ্ঞান দিবলৈ যায়
পুত্ৰক পঢ়োৱাবলৈ যে কিমান খৰচ লাগে
মূল্যৱান কথাবোৰৰ কোনো খবৰেই নাই।
প্ৰতি ক্ষণে ক্ষণে পত্নী-পুত্ৰক কৰে হাৰাশাস্তি
মাৰপিট কৰি ঘৰখনক কৰে অশান্তি
পুত্ৰক লৈ দেখিছে মাতৃয়ে অলেখ সপোন
শিলৰ দৰে মন বান্ধি
পুত্ৰক গঢ়ি তোলাৰ মানসত
নিজকে কৰ্মত উছৰ্গা।
ভীৰু মাতৃয়ে ক'লে হয় ইমানতে অন্ত অধ্যায়
এই মাতৃ শক্তিশালী,নিৰ্ভীক
সেয়ে নিচাসক্ত স্বামীক আওকাণ কৰি
গঢ়িব খুজিছে পুত্ৰক।
উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি উঠি
বোকাত জন্মা গাঁওখনলৈ
আনিব এচাতি পোহৰ
তেতিয়াই বিচাৰি পাব হেঁপাহৰ এমুঠি সুখ।
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

No comments