তুমি কাষত নাথাকিলে
তুমি কাষত নাথাকিলে
তুমিবিহীন জীৱন পাৰ কৰাটো
অসম্ভৱ মোৰ বাবে ,
জীয়াই থাকিব খোজো
তোমাৰ দুহাত ধৰি আগুৱাই ।
মনৰ অনুভৱৰ বাকৰিত
স্থান দিছোঁ তোমাক আজীৱন
নিসংগতাক নেওচি
আগবাঢ়িব খোজো
তোমাৰ সাহসত ,
অসহায় হৈ পৰোঁ মই খন্তেকতে
চকুলো টুকি দুহাতেৰে
তুমিবিহীন জীৱন
মোৰ বাবে হৈ পৰে
বিষাদভৰা বেদনাৰ সমাহাৰ যেন ,
প্ৰতিশ্ৰুতিৰ পৰিসমাপ্তি হ'ব
নিদিবা কাহানিও
অবুজ হিয়াঁই মাথোঁ
তোমাকে বিচাৰে মনে - প্ৰাণে
বুজিও নুবুজা নহ'বা তুমিও
আকোঁৱালি লোৱা মোক
চিৰজীৱনৰ বাবে ,
তুমি কাষত নাথাকিলে
অন্তৰখন ফাটি - ছিটি যায় নিমিষতে
আকলুৱা হিঁয়াৰ বেদনা
বুজি উঠা তুমি নিৰৱে
হেৰুৱাব নোখোজো মই
মোৰ অন্তৰৰ পৰা তোমাক
সহাৰি নাই , দেখা - দেখি নাই
আজি অ'ত দিনে ,
তোমাৰ হিয়াঁত থকা
অযুত ভালপোৱাৰ পৰিধি
এইয়াই নেকি তোমাৰ সঁচা
ভালপোৱাৰ প্ৰমাণ ।
লখিমী শৰ্মা
যোৰহাট

No comments