সুখ বিচাৰি

 সুখ বিচাৰি 



জীৱন যাপন বৰ কষ্টদায়ক

চাৰিওফালে কেৱল সংগ্ৰাম কৰিব লাগে।

কোনে কাৰ মনলৈ খেলিব বিচাৰে

কোনেও নাজানে।

বুজি পোৱা নাযায় জীৱনৰ সংজ্ঞা কি!

ফুলৰ দৰে পৱিত্ৰ জীৱন

নদীৰ সোঁতৰ দৰে বৈ যায় জীৱন

তথাপিও নদীৰ সোঁতৰ বিপৰীতে গতি কৰে মন ।

সুখ বিচাৰি কিমান শিল্পীয়ে

অভিনয় কৰি গৈছে 

তেওঁলোকৰ শূন্য হৃদয়ত 

অহা নাই জোনৰ পোহৰ ।

ব্যস্ত কোলাহল ভূবনত

আনিব বিচাৰোঁ মনৰ শিথিলতা

জীৱন নামৰ ক্ষুদ্ৰ নাওত 

যাতে সকলো পথচাৰীয়ে 

হাঁহিমুখে পাৰ হ'ব পাৰে।



আব্দুল কাদেৰ মিঞা

দক্ষিণ শালমাৰা মানকাচৰ 


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.