অপঘাতক

 অপঘাতক

হঠাতে হোৱা ঘটনাটোত ৰণক আচৰিত হ'ল। তাৰ গোটেই গাটো ভয়ত কলপাত কঁপাদি কঁপিব ধৰিলে। বুকুখনো ধান বনাদি বানিছে।  সি আজি প্ৰথম আহিছিল হে ড্ৰাগছ্ ল'বলৈ। লগৰ এটাৰ ঘৰত ড্ৰাগছ্  লৈ উঠোঁতেই সিহঁতৰ লগৰ প্ৰদীপ অচেতন হৈ পৰিল। সিহঁতে তাক মেডিকেললৈ লৈ গ'ল। কিন্তু ইতিমধ্যেই প্ৰদীপৰ মৃত্যু হৈছে। ডাক্তৰৰ মতে ড্ৰাগছ্ সেৱন কৰাৰ পাছতেই গ্ৰহণ কৰা আহাৰত বিষক্ৰিয়া হ'ল। সিহঁত কিংকৰ্তব্যবিমূঢ় হ'ল। প্ৰদীপৰ ঘৰৰ মানুহে ওচৰৰ থানাত হত্যাৰ এজাহাৰ দাখিল কৰিলে। পুলিচ আহি দুয়োটাকে এৰেষ্ট কৰি লৈ গ'ল। 

      খন্তেকতে নোহোৱা-নোপোজা ঘটনা এটা ঘটি গ'ল। খবৰটোৱে অঞ্চলটো কঁপাই তুলিলে।


প্ৰগতি গগৈ চাংমাই

সহ: শিক্ষয়িত্ৰী

৪৯৮ নং হালোৱা গাঁও প্ৰাথমিক বিদ্যালয়

ডাকঘৰ:- চকীমুখ, নাজিৰা

জিলা- শিৱসাগৰ

পিন-৭৮৫৬৮৫


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.