নিজৰা বৰ্মন ডেকা
নিজৰা বৰ্মন ডেকা
জন্ম চন:-১/২/১৯৭৬
জন্মস্থান:-কাঁহ শিল্প নগৰী সৰ্থবাৰী।
পিতৃৰ নাম --স্বৰ্গীয় মনহৰি বৰ্মন
মাতৃৰ নাম:--স্বৰ্গীয় ৰহেশ্বৰী বৰ্মন
স্বামী --তপন ডেকা
শিক্ষাগত অৰ্হতা:-স্নাতক শিক্ষা বিষয়ত D E L E D , TET qualified
গাঁও বা নগৰ:-সৰ্থেবাৰী (তামুলী চুপা ৫নং ৱাৰ্ড)
ডাকঘৰ:-সৰ্থেবাৰী
জিলা -বৰপেটা
পিন:-৭৮১৩০7
পেচা: শিক্ষয়িত্ৰী
নিচা:-লিখা পঢ়া/গান শুনা
ভৱিষ্যত পৰিকল্পনা
-ল'ৰা দুজনক মানুহ হিচাপে গঢ়ি নিজকে সাহিত্য জগতৰ লগত জড়িত কৰা লগতে সমাজৰ হিতাৰ্থে কাম কৰা যত্ন কৰিম আৰু নৱ প্ৰজন্মক সজ পথেৰে আগুৱাই নিয়া।
-সৰুৰে পৰা সাহিত্য চৰ্চাৰ প্ৰতি ৰাপ আছিল, তেতিয়াৰ পৰাই সাধুকথা, কবিতা, গল্প লিখিবলৈ আৰম্ভ কৰিছিলোঁ যদিওসেইবোৰ সংৰক্ষণ নাই । কলেজৰ প্ৰচীৰ পত্ৰিকা, বাতৰিকাকতত মোৰ লিখনি প্ৰকাশ পাইছিল। অৱশ্যে সেইসময়ত লিখা মেলা তাকৰীয়া। বিয়াৰ পিছত লিখা মেলা বন্ধ হৈ যায়। পুনৰ ২০১২ চনৰ চেপ্তেম্বৰ মাহত সৰ্থেবাৰীত লেখিকা সমাৰোহ সমিতিৰ জন্ম হয় । তেতিয়াৰ পৰাই মাজে মাজে লিখোঁ । কিন্তু লকডাউনৰ পৰা প্ৰতিদিনে সাহিত্য চৰ্চা কৰোঁ। ফেচবুকৰ বিভিন্ন সাহিত্য গোটৰ পৰা নিমন্ত্ৰণ পাই তাত যোগদান কৰি বহুত উৎসাহ পালোঁ। আৰু লিখাৰ প্ৰতি আগ্ৰহ বাঢ়ি বৰ্তমান লৈ লিখি আছোঁ। এইদৰে সাহিত্য চৰ্চাৰ লগত জড়িত হৈ আছোঁ।
বৰ্তমানলৈ প্ৰকাশিত গ্ৰন্থ:-
-কাব্যগন্থ
শুভদিনৰ পাতনি প্ৰকাশ ৰ সময়:-২০২১ মে
সভ্যতাৰ সেউজীয়া_২০২২চেপ্তেম্বৰ পথাৰ
এখন নেদেখা নদীৰ সিপাৰে ২০২২চেপ্তেম্বৰ
গল্পপুথি:
শৰতৰ নীৰৱ সন্ধিয়া ২০২১ মে
শূন্যতাৰ প্ৰতিচ্ছবি ২০২১ ডিচেম্বৰ
আকাশৰ সীমনাত হেঁপাহবোৰে খোপনি পোতে ২০২২ ডিচেম্বৰ ।
অপ্ৰকাশিত উপন্যাস:
প্ৰতিশ্ৰুতি এক প্ৰেম কাহিনী।
এখন শিশু উপন্যাস লিখি আছোঁ, নতুন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা ৰাখিছোঁ।
জড়িত অনুষ্ঠান:
সৰ্থেবাৰী লেখিকা সমাৰোহ সমিতিৰ অসম , সৰ্থবাৰী শাখাৰ যুটীয়া সম্পাদিকা
ভাৰতী অধ্যয়ন চক্ৰৰ সদস্যা
বিহু শিল্পী সংস্থাৰ উপদেষ্টা।
লাভ কৰা সন্মান/ বঁটা:
আশা গোটৰ পৰা জীৱন জোৰা সাধনা বঁটা
নেবক'ছৰ পৰা সাহিত্য সাধনা বঁটা
সাহিত্য -সমাজ -সংস্কৃতি সেৱা মঞ্চ অসমৰ পৰা অসম গৌৰৱ সন্মান বঁটা
সদৌ অসম সাহিত্য প্ৰয়াসী গোটৰ পৰা শ্ৰেষ্ঠ কবি সাহিত্যিক বঁটা
সাহিত্য সমাৰোহ , প্ৰতিভাৰ সন্ধান এখোজ গোটৰ পৰা সাহিত্য সাধনা সন্মান
লাইফ স্মাৰ্ট আৰ্থ সামাজিক আৰু সাংস্কৃতিক সংস্থাৰ পৰা শঙ্কৰ-আজান সন্মান লাভ

No comments