দুখৰ ৰাতি নুপুৱায়

 দুখৰ ৰাতি নুপুৱায়

--হেৰি, আপুনি কিয় এনেখন কৰিছে? কি হৈছে আপোনাৰ?

  মানুহজনৰ নাড়ীৰ গতি দ্ৰুত হৈ ধৰফৰাই থকা দেখি পত্নী মনোৰমাই পুতেকৰ লগত বৰুৱাক ততালিকে এম্বুলেন্সত ভৰাই মেডিকেললৈ লৈ গ'ল। 


-- এখেতৰ অৱস্থা খুবেই বেয়া। তথাপি আমি যি পাৰোঁ চেষ্টা কৰিম। 


         নাই বুলিলেই নোহোৱা হৈ গ'ল। ঘৰৰপৰা মেডিকেললৈ লৈ যোৱা বৰুৱা ঘৰলৈ গধূলি সময়ত মৰা শ হৈ উভতিল। নিঠৰুৱা কৰি গ'ল পত্নী মনোৰমা আৰু একমাত্ৰ পুত্ৰ বকুলক। 


    কিমান সুখৰ সংসাৰ আছিল মনোৰমা আৰু সৰুকণৰ। দুয়ো এটি এটিকৈ সপোনবোৰ সজাইছিল। সপোন দেখিছিল এটা সৰু পঁজা, এটি পোণাকণ আৰু সিহঁত। ক'লৈ গ'ল সেই সময়?


        "   মনু, এইকেইটা লচোন। ধুই লৈ তেলতে ভাজ । মই সাউৎকৰে গাটো তিয়াই লওঁ। "

        জঁপিয়াই থকা কাৱৈমাছ কেইজনী দেখি বকুলৰ কি যে স্ফূৰ্তি। আজি সিহঁতে মাছেৰে ভাত খাব। কেইবাদিনৰ মূৰত এসাঁজ জুতি লগাকৈ খাব। মনুৱে পুতেকৰ মূৰত মৰমতে হাত ফুৰাই মাছ ভাজি দুয়োটাকে খাবলৈ দিয়ে। লগত ঔ-টেঙা, ঢেঁকীয়াৰ দাইল অকণ। এইকেইদিন বৰষুণ দিয়াৰ বাবে পথাৰত পানী উপচি পৰিছে। সেয়ে জালখন পাতি থৈছিল সৰুকণে। 


     "তোলৈও আন। একেলগে খাওঁ। কিমান নো আৰু অকলে খাৱ? মোক আৰু একো নালাগে। তোৰ ভাত কেইটাও বাঢ়ি আন।"


আটাইকেইটাই ভাতকেইটা বৰ তৃপ্তিৰে খালে। 


   মনুৰ মনটো সৰুকণৰ প্ৰতি আন্তৰিকতাৰে উথলি উঠে। এসোপামান মৰম যাচিব মন যায় মানুহটোক। বকুল শোৱাৰ পাছত মনুৱে সৰুকণৰ বুকুত কুৰুকি সোমাই সুধি পেলায়-


   "মোক সদায় এনেকৈ মৰম কৰি ৰাখিব তো? "

   "কিয় সুধিলি? তহঁত দুটাৰ বাহিৰে মোৰ এই সংসাৰত আছে কোন? আই-বোপাইও সৰুতেই সিফলীয়া হ'ল। এতিয়া তহঁত দুটাই মোৰ সকলো। "



"এনেয়ে মন গ'ল। সুধিলোঁ।"

মনুৱে স্বস্তিৰ নিশ্বাস এৰে।


   দিনবোৰ সুখেৰেই পাৰ হৈছিল। ঘৰৰ সন্মুখত দিয়া মহাজনৰ মদৰ দোকান খনহে কাল হ'ল। মদ কোনোদিনে মুখত নিদিয়া মানুহটো লাহে লাহে মদৰ প্ৰতি দুৰ্বল হৈ পৰিল। দিনে-নিশাই মদসোপা গিলি থকা হ'ল।মদ খাই আহি কেতিয়াবা মনুক আঁতি-গুৰি নোহোৱাকৈ গালি পাৰিব। মুঠতে সিহঁতৰ সুখৰ সংসাৰত বেয়াকৈ আউল লাগিল। সিহঁতৰ জীৱনলৈ দুখৰ দিন উভতি আহিল। 


   সৰুকণৰ লগতে সিহঁতৰ জীৱনৰো থানথিত নোহোৱা হ'ল। সৰুকণে সংসাৰলৈ পিঠি দিলে। বৰ কষ্টৰে মনুৱে ঘৰখন ধৰি আছিল। আজি কেইদিনমানৰ পৰা সৰুকণৰ হাত-ভৰি  গাটো কঁপে ,

 পুনৰ ঘামি উঠে,  টোপনি কম হৈ আহিল। মনুৱে ভাবিছিল তাইৰ সাঁচতীয়া টকা কেইটামান খৰচ কৰি ডাক্তৰৰ ওচৰলৈ নিব। কিন্তু সেইকেইটা টকাৰে তাৰ চিকিৎসাৰ একোৱে নহ'ব। কাৰোবাৰ ওচৰত হাত পাতিবলৈও সিহঁতৰ অৱস্থা চাই কোনে দিব? তথাপি তাই কিবা এটা কৰিম বুলি ভাবোঁতেই সৰুকণে চিধাই কৈয়ে দিলে ডাক্তৰৰ ওচৰলৈ নাযাওঁ বুলি। এবাৰ সি যিটো কয় তাৰমতে হ'বই লাগিব। লাহে লাহে সি ভাত খাব নোৱাৰা হৈ আহিল । দিনে দিনে তাৰ স্বাস্থ্যৰ অৱনতি ঘটিল আৰু.…..


      "খুৰীদেউ, সেৱা কৰিবৰ হ'ল। মৃতকক বিদায় দিয়কহি।"


    তেতিয়া হে তাই বাস্তৱলৈ ঘূৰি আহিল। কিমান দেৰি যে তাই ভাৱনাত ডুবি আছিল। কান্দিবলৈও গাটোত শক্তি নোহোৱাৰ দৰে লাগিছে তাইৰ। অশ্ৰুসিক্ত নয়নেৰে প্ৰিয়জনক বিদায় দি উচুপি উঠিল তাই । 


     "কিয় আপুনি ইমান সোনকালে আমাক এৰি গুচি গ'ল ? পোণাৰ (বকুলৰ)  কথা এবাৰো নাভাবিলে? কিয়?"


(মাদক দ্ৰব্য সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। ইয়াক পৰিহাৰ কৰক)


প্ৰগতি গগৈ চাংমাই

৪৯৮ নং হালোৱা গাঁও প্ৰাথমিক বিদ্যালয়

সহ: শিক্ষয়িত্ৰী

ডাকঘৰ- চকীমুখ(নাজিৰা)

পিন-৭৮৫৬৮৫

জিলা- শিৱসাগৰ


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.