মাটি আৰু খেতিয়ক

 মাটি আৰু খেতিয়ক




মাটিৰে আবৃত্ত আমাৰ মাতৃভূমি

তোমাক ৰূপেৰে তুলনা কৰিম নে

গুনেৰে তুলনা কৰিম তোমাক

এই মাতূৰ কোলাতেই 

জন্ম আমি অসমী আই

সন্তান সকলো

নাই কোনো ভেদাভেদ

নাই কোনো জাতি ধৰ্ম

সকলোৱে আমি আইৰ সন্তান

প্ৰতি বছৰে বছৰে মাতি ভূমিতে

কৰা হয় নানা তৰহৰ 

খেতিৰে উপচি পৰা

আমাৰ অসমী আই

ধাননি পথাৰ খন।

খেতিয়ক আৰু পথাৰৰ অবিহনে যেন

সকলো শূন্য

খেতি নকৰিলে যেন সকলো

ৰোৱনী দাৱনী সোণালী ধাননি

গছ গছনি চৰাই চিৰিকতি

ফেচাৰ উৰুলি শিয়ালৰ হোৱা

গোহালিত হেম্বেলনি

এতিয়াওঁ আছে হূদয়ত 

অম্লান পথাৰৰ ছবি।

ল'ৰালিৰ ধেমালি

আইতাৰ কেঁচা মাটিৰ পিৰালি

জীৱনৰ প্ৰথম পঢ়াশালি

খেতি মাটিৰ লগতেই

গঢ়ি উঠিছিল জীৱনৰ ভেটি

এতিয়াওঁ আমাৰ পথাৰৰ 

এটি আবেলি

মোৰ নগৰৰ হেজাৰ হেজাৰ

জীৱনতকৈও শুৱনি।



অজন্তা দও বৰা


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.