ৰুমী কলিতা দত্ত
ৰুমী কলিতা দত্ত
শ্ৰীমতী ৰুমী কলিতা দত্তৰ ০২/০১/৮২ তাৰিখে ডিব্ৰুগড় জিলাৰ ২ নং কেন্দুগুৰি গাঁৱত জন্ম হৈছিল । তেখেত চতুৰ্থ শ্ৰেণীতেই মাকক হেৰুৱাই বিদ্যালয়সমূহত পাঠ গ্ৰহন কৰিবলৈ সুবিধা পোৱা নাছিল ।
তথাপিও ডলাৰ বগৰীৰ দৰে বাগৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে খোজ থয় । তাৰ পিছত বিবাহপাশত আৱদ্ধ হৈ স্বামীৰ সৈতে কৃষিকাৰ্য আৰু পশুপালনত জড়িত হৈ পৰে ।
তেখেতে সমাজৰ বহু অনুষ্ঠানৰ দায়িত্বভাৰ লৈ ফেচবুকৰ জৰিয়তে সাহিত্যচৰ্চা কৰি গৈছে ।প্ৰথমে "সামদেৱ অধিকাৰ" কাকতত আত্মপ্ৰকাশ ঘটে । সৰুৰে পৰা সাহিত্য ভালপোৱা সৃষ্টিশীল মনটোৱে প্ৰায়বিলাক অসমীয়া কাকত -আলোচনীত লেখা প্ৰকাশ কৰাৰ সুবিধা পাইছে। তাৰে ভিতৰত বাৰ্তাপখিলী,ৰহস্য, পটভূমি,ৰ'দ,ৰ'দালি,পৰিয়সী, আৰু বহুতো আলোচনী, স্মৃতিগ্ৰন্থত লেখাসমুহে স্থান লাভ কৰিছে ।
(১) তেখেতৰ প্ৰথম কাব্যগ্ৰন্থ--"হৃদয়ৰ আধালিখা দস্তাৱেজ", প্ৰকাশ কাল- "নৱেম্বৰ,২০২০ ।
(২)দ্বিতীয় গ্ৰন্থ---"কেন্দুঘাটৰ ৰেঙণি"প্ৰকাশ কাল--অক্টোবৰ,২০২১ ।
(৩) তৃতীয় গ্ৰন্থ--"দিহিংপৰীয়া বনফুল",প্ৰকাশ কাল--ডিচেম্বৰ,২০২২ ।
(৪)চতুৰ্থ কাব্যগ্ৰন্থ--"অনুভৱৰ আছুতীয়া ৰং",প্ৰকাশ কাল--ডিচেম্বৰ,২০২২ ।
(৫)তেখেতে ২০২১ চনৰ ১৭ অক্টোবৰত "মেঘমল্লাৰ সাহিত্য,সাংস্কৃতিক,ক্ৰীয়া অনুষ্ঠানৰ পৰা "মেঘমল্লাৰ কাব্য সৌৰভ বঁটা"লাভ কৰে।
(৬) ১৬/১০/২০২২ চনত "আশা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ পৰা ''সাহিত্য সৌৰভ বঁটা" গ্ৰহন কৰে।
(৭)১৮/১২/২০২২ তাৰিখে "মুক্ত কবি কণ্ঠ" আন্তজাতিক মঞ্চই ''মুক্ত কবি কণ্ঠ সেউজ বঁটা'' প্ৰদান কৰে ।
(৮) ০৯/০৪/২৩ তাৰিখে সদৌ অসম কবি-সাহিত্য চক্ৰৰ পৰা "চিৰ সেউজীয়া কবি' বঁটা গ্ৰহন কৰিছিল ।
(৯) ০১/০১/২০২৩ তাৰিখে সংস্কাৰধ্বনি ফাউণ্ডেচন গুৱাহাটী,অসমৰ "বৰ্ণিল জীৱন"(ৰূপান্তৰ সমাৰোহ) অনুষ্ঠানটিয়ে কীৰ্তিমান তথা প্ৰাতঃস্মৰণীয় ব্যক্তিসকলৰ অৱদানৰ বাবে বিশেষ সন্মান আগবঢ়ায় ।তেখেতে কবিতা প্ৰতিযোগিতাতো স্থান লাভ কৰে।
১০) তেখেতে ২৩-০৭-২৩ তাৰিখে যোৰহাট কলেজত অনুষ্ঠিত হোৱা "সাহিত্য প্ৰেয়সী "গোটৰ পৰা "শ্ৰেষ্ঠ কবি-সাহিত্যিক সন্মান-২০২৩ গ্ৰহন কৰে ।

No comments