সেই পোছাকজোৰ
সেই পোছাকজোৰ
সকলোতকৈ বেলেগ সেই পোছাকজোৰ
যি পোছাকত আছে ত্যাগৰ প্ৰতীক
অনন্ত প্ৰেমৰ দেশভক্তিৰ নিদৰ্শন,
যি পোছাকে সোঁৱৰায় দেশ শ্ৰদ্ধা
অমৰ হঁওক সেই সুন্দৰ সাজজোৰ।
দুখুনী মাৰ চাদৰৰ আঁচলৰ পৰা ওলাই
দেশভক্তিৰ প্ৰতি অগাধ মৰম জগাবলৈ
শান্তিৰে জণগণক দি যায় কৰ্ম কৰিবলৈ,
ওলাই যাই জীৱন মৰণৰ চিন্তা নকৰি,
কেতিয়াবা সুস্থ শৰীৰে উভতি আহে
কেতিয়াবা তেজৰ চেকুৰা লৈ,
উফ বুকুখন খুন্দা মাৰি উঠে
মনলৈ সেই ভাৱ আহিলে।
শ্বহীদৰ সেই পবিত্ৰ তেজ ত্যাগৰ অমৰ প্ৰতীক
ক'ব নোৱাৰাকৈয়ে মূৰ দো খাই যায়,
সেই খাকী পোছাকযোৰ দেখিলে।
দিন-ৰাতি, ৰ'দ-বৰষুণ, একাকাৰ কৰি
থিয় দিয়ে জনতাৰ সুৰক্ষাৰ হকে
চালাম জনাইছোঁ তেওঁলোকক
এই ক্ষুদ্ৰ কলমৰ চিয়াঁহীৰে
ভালে থাকক সকলো
শ্বহীদ প্ৰণামো তোমাক।
নাছৰিণ চুলতানা।
গোলাঘাট, অসম।

No comments