অজন্তা দও বৰা
অজন্তা দও বৰা
জন্মৰ চন- ১৯৭৯চনজন্মৰ ঠাই- শিৱসাগৰ
দেউতাক -টংকেশ্বৰ দও
মা- লিলি দও
শিক্ষাগত অৰ্হতা- হায়াৰ চেকেণ্ডাৰী পাছ-১৯৯৮চন
কবিৰ নিজৰ ভাষাৰে
সৰুৰে পৰাই কবিতা পঢ়ি ভালপাওঁ,,,,তথাপিও জনা নাছিলোঁ যে এদিন ময়ো কবিতা লিখিব পাৰিম বুলি । ক্লাছ চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোতে এটা কবিতা দৈনিক জনমভূমি কাকাতত প্ৰকাশিত হৈছিল,,, তেতিয়া ইমানকৈ মনত ৰাখিব লগীয়া কথা বুলি ভবা নাছিলোঁ,,,তাৰপিছত পঢ়া শুনাৰ প্ৰতি গধুৰ দায়িত্ব লব লগা হোৱা বাবে কবিতা ভালপোৱা মনটো সামৰি থব লগা হ'ল,,,, বয়স বাঢ়ি আহিল,,,,মা'ক দেউতাকে নিজৰ দায়িত্ব পালন কৰিলে,,,,,ছোৱালী হৈ আনএঘৰৰ বোৱাৰী দায়িত্ব পালন কৰিবলৈ নিজৰ জীৱনটো তেওঁলোকৰ বাবে উচৰ্গিত কৰিলোঁ,,,তেতিয়া পৰাই তাৰ মাজতে নিজৰ ডায়েৰীৰ পাতত কবিতা লিখিবলৈ আৰম্ভ কৰিলোঁ ,, স্বামী পৰাও সহায় পালোঁ,,,তাৰপিছত সন্তানৰ দায়িত্ব পালন কৰিব লগা হৈছে ,,, বৰ্তমান এতিয়া মাজে সময়ে সমাজৰ কামবিলাকৰ সৈতে জড়িত হৈ পৰাৰ নিচিনা,,,,,,মনত এটা আশা আৰু সপোন আছে সমাজৰ বাবে কিবা কৰাৰ লগতে নিজৰ জীৱনটো সমাজৰ নামত উচৰ্গিত কৰাৰ । চাওঁ চোন কিমান দুৰ আগুৱাই যাব পাৰো,,,,,,,শেষত মনত পুহি ৰখা সপোন এটা পোহৰলৈ আনিম বুলি মনতে সাঁচি ৰাখিছো,,,,,,সেই সময়টো আহকচোন৷ কিমান দুৰ সফল হব পাৰো।

No comments