হাইছ উদ্দিন আহমেদ
হাইছ উদ্দিন আহমেদ
পিতৃ- স্বৰ্গীয় আব্দুল হামিদ
মাতৃৰ নাম স্বৰ্গীয় খাদিজা খাতুন।
জন্ম- বৰদোৱাৰ কদুমনি গাঁৱত।
জন্মৰ চন-০৬/০১/১৯৮১
শিক্ষাগত অৰ্হতা - HS first year
পেচা-মাছ বিক্ৰেতা
নিচা-কিতাপ পঢ়া , ভ্ৰমণ কৰা।
ভৱিষ্যত পৰিকল্পনা-সুস্থ সমাজ সেৱক হৈ কাম কৰা,
তেখেত ১৯৯৫ পৰাই সাহিত্যৰ লগত জড়িত,
বৰ্তমান তেওঁ সাহিত্য চৰ্চাৰ কামত ব্যস্ত থকাৰ লগতো ড্ৰাগ্চ মুক্ত আমাৰ গাঁও এক অভিযান আৰম্ভ কৰিছে আৰু বিভিন্ন অনুষ্ঠান সমুহৰ লগত জড়িত,
তেখেতে কোনো গ্ৰন্থ চপোৱাৰ যো-জা কৰা নাই যদিও বৰ্তমান নতুন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা কৰিছে ( প্ৰেমিক চৰাই মই নামেৰে কাব্যগ্ৰন্থ প্ৰকাশৰ বাবে যো-জা চলি আছে।
কবি হাইছ উদ্দিন আহমেদেৱৰ ১৯৮১ চনৰ ০৬ জানুৱাৰীত বৰদোৱাত ওচৰৰ কদুমনি গাঁৱত জন্ম হয়। পিতৃৰ নাম স্বৰ্গীয় আব্দল হামিদ আৰু মাতৃৰ নাম স্বৰ্গীয় খাদিজা খাতুন। হাইছ উদ্দিন আহমেদে বৰবস্তি( হোজাই )এল পি বিদ্যালয়ত বাল্য শিক্ষা আৰু গোপাল নগৰ আব্দুল খালেক মে'মৰিয়েল মধ্য ইংৰাজী বিদ্যালয় হোজাইত শিক্ষা গ্ৰহণ কৰিছিল। ১৯৯৫ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়, কিন্তু পিছত হিন্দী পৰীক্ষা দিয়া নহ'ল বাবেই পঢ়া এৰা হ'ল।১৯৯৮ চনত প্ৰথম পেপাৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল।১৯৯৯ চনত আকৌ এবাৰ হিন্দী পৰীক্ষা দিয়া দিছিল আৰু তৃতীয় স্থান লাভ কৰিছিল। ১৯৮৯ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত হাইছ উদ্দিন আহমেদদেৱে নগাঁও জিলাৰ বিভিন্ন ঠাইত শিক্ষাগ্ৰহণ তথা কৰ্মজীৱন আৰম্ভ কৰিছিল কৰিছিল আৰু সেই সময়তেই তেখেতৰ মাতৃৰ মৃত্যু হয় চন ১৯৯৮। তেখেতৰ জীৱনকালত বহুতো ক্ষতি হৈছিল,দুখত জীৱন কটাব লগীয়া হৈছিল আৰু পৰিয়ালৰ সকলোৰে পৰা আঁতৰাই ৰখা হৈছিল।
বহুত বছৰ পিছত সুস্থ হোৱাৰ পাছত ২০০২ চনত হাইছ উদ্দিন আহমেদে মোৰাঝাৰ এলেকাৰ হাছিনা আহমেদৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। বৰ্তমান সময়ত তেওঁ নগাঁও চহৰৰ পূব কুটায়নী,মধ্য শিয়ালমাৰীৰ খুচেৰ পাৰস্থিত স্থায়ীভাবে বসবাস কৰিবলৈ লয় আৰু আজীৱন সাহিত্য সেৱাত মনোনিৱেশ কৰিছিল। হাইছ উদ্দিন আহমেদে প্ৰেমিক চৰাই মই নামেৰে ছিৰিজ লিখি কবিতা ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ যাবলৈ চেষ্টা কৰি আছে। তেওঁৰ বহুতো কবিতা,গল্প সংগ্ৰহ কৰি বিভিন্ন কাকত,আলোচনীৰ পাতত প্ৰকাশ পাইছে।
তেখেতৰ সৃষ্টিৰাজি
জি,বি,ডি প্ৰকাশনৰ জৰিয়তে অনলাইন ই-বুক প্ৰেমিক চৰাই মই (কাব্যগ্ৰন্থ) সন্নিৱিষ্ট কৰা হৈছে।
সন্মান
২০২০ চনত তেখেতক অসম সাহিত্য সভাৰ শুৱালকুছি পঞ্চসপ্তমীতম অধিৱেশনত নিমন্ত্ৰণ কৰা হয়। অসম সাহিত্য সভাৰ আহ্বায়ক মিৰ্জা হুমায়ুন কবিৰ ছাৰ আৰু মায়ামণি দেৱী বাইদেউৰ সহায়ত। যিহেতু তেখেতে অসম সাহিত্য সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদক সকলক চিনি পাইছিল। কিন্তু তেওঁ সাহিত্য সভাৰ আজীৱন সভ্য সদস্য নোহোৱাকৈয়ে নিমন্ত্ৰণ পাইছিল।
২০০৬ চনৰ পৰাই তেখেতে ফেচবুকৰ যোগেদি সাহিত্য চৰ্চা আৰম্ভ কৰিছিল, যদিও ১৯৯৫ চনৰ পৰা তেখেতে সাহিত্য চৰ্চা কৰিছিল, কিন্তু সাহিত্য কি বস্তু সেয়া তেওঁ সিমান বুজি পোৱা নাছিল। কেৱল স্কুলত শিক্ষা গ্ৰহণ কৰা সময়ত যিবোৰ কবিতা পঢ়িছিল সেইবোৰকেই কবিতা বুলি ভাবিছিল। অসমীয়া সাহিত্য চৰ্চাৰ কামত ব্যস্ত হৈ নিজকে আগুৱাই নিছিল ফেচবুকৰ যোগেদি। বৰ্তমান তেওঁ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। তেখেতে সমন্বয় কাব্য -সংস্কৃতিৰ পথাৰ মঞ্চৰ তৰফৰ পৰা কবি বঁটা লাভ কৰে ২০২১চনত। তেখেতে সাহিত্যৰ অগ্ৰগামী মঞ্চ, অসমৰ তৰফৰ পৰা অনুপ্ৰেৰণা বঁটা লাভ কৰে। অসমীয়া সাহিত্যলৈ তেখেতৰ বৰঙণিৰ বাবে তেখেতক বৰ্ণিল আকাশ, সাহিত্য -সংস্কৃতিৰ মুকলি মঞ্চৰ তৰফৰ পৰা ২০২১চনত প্ৰেমিক চৰাই কবি উপাধি প্ৰদান কৰে ।

No comments