বিজয়ৰ হাঁহি

বিজয়ৰ হাঁহি 

তেজৰ ৰক্তাক্ত চেকুৰাত

আজিও জিলিকি আছে 

ইংৰাজৰ অত্যাচাৰত দিয়াচলাই জ্বলাই

আজুৰি অনা স্বাধীনতাৰ 

সেই আত্মগৌৰৱৰ হাঁহিটি ,

এতিয়াও জীয়াই আছে 

তেওঁলোকৰ ত্যাগৰ প্ৰতিমূৰ্তি

প্ৰতিজন দেশভক্তৰ হৃদয়ে হৃদয়ে

আজিও লিপিবদ্ধ স্বাধীন গৌৰৱী

মহা আন্দোলনৰ সেই বিদ্ৰোহী  কাহিনী 

সুভাষ চন্দ্ৰ বসু,মহাত্মা গান্ধীৰ পৰা 

গহপুৰৰ জীয়ৰী কনকলতালৈকে 

প্ৰতিগৰাকী তেজস্বী যোদ্ধাৰ 

বিদ্ৰোহী ভঙ্গী এতিয়াও দৃশ্যমান 

স্বদেশ প্ৰেমৰ কাহিনীক সুঁৱৰি লিখা

অনুভৱৰ শ্বহীদ বেদীত

উগ্ৰ সাহসৰ প্ৰমাণ দি

বীৰদৰ্পে আগুৱাই গৈছিল

তেওঁলোক যিয়েই নিজৰ প্ৰাণক ও নেওচি

দেশপ্ৰেমক সাৱটি লৈছিল

মুক্ত আকাশৰ মুক্ত বতাহ সেৱন কৰিবলৈকে 

অত্যাচাৰী ইংৰাজৰ বুকুত 

চৰম আঘাত হানি দিছিল

পৰাজয়ৰ শিকলিৰে মেৰিয়াই 

স্বতন্ত্ৰৰ সৌজন্যতা মুঠি কৰি

যদিওবা তেজৰ ৰক্ত কণিকাৰে

লুতুৰী পুতুৰী হৈছিল

সাহসী মনৰ সেইসকল বীৰ

যাৰ প্ৰতিটো উশাহতে

আজি আমি লভিছো প্ৰাণ

জীয়াতু শক্তিৰে খামুচি ৰাখিছিল 

দেশপ্ৰেমৰ বিজয় খুঁটি 

নাকেৰে সেৱন কৰিছিল 

আই মাতৃৰ কেঁচা মাটিৰ সুগন্ধ

যাৰ স্পৰ্শত উঠলি উঠিছিল

বিদ্ৰোহী হিয়াৰ জাতীয় আৱেগ

ৰক্ত তেজেৰে ৰাঙলী হৈ 

বিষৰ যন্ত্ৰণাত ধূলিতে বাগৰি পৰি 

প্ৰাণ বায়ু উৰি যোৱালৈকে 

বিদ্ৰোহী কণ্ঠস্বৰেৰে গাই গৈছিল

বন্দে মাতৰম বন্দে মাতৰম বুলি।


                 মৰমী আহমেদ 


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.