গৌৰৱৰ ক্ষণ

 গৌৰৱৰ ক্ষণ



      নিজৰা বৰ্মন ডেকা

চন্দ্ৰযান -৩ ৰ সফল অৱতৰণ 

ভাৰতীয়ৰ বাবে এয়া  গৌৰৱময় ক্ষণ

ইতিহাসৰ পাতত লিপিবদ্ধ হ'ল।

এবুক আশাৰে উৰি চন্দ্ৰযান-৩

জোনবাইৰ বুকুত থ'লেহি ভৰি

ৰচিলে মানৱ ইতিহাসৰ গৌৰৱময় অধ্যায় এটি।

অক্লান্ত পৰিশ্ৰম নীৰৱ সাধনাৰ সাক্ষী

ভাৰতীয় বিজ্ঞানীৰ বিক্ৰম লেণ্ডাৰ আজি 

অলীক সপোন ৰচিলে ভাৰতৰ বিজ্ঞানী।

ISROৰ সফল অৱতৰণ ফলত

চন্দ্ৰযান-৩ জোনবাইৰ দেশত।

দেখিছিলোঁ জোনবাইক পতাকাৰ মাজত

আমাৰ পতাকা উৰিছে  জোনবাইৰ বুকুত।

কোনো গুণে নহয় কম আমাৰ বিজ্ঞানী

আকাশৰ সীমনাত পোহৰ হৈ থাকিল উজ্জ্বলি ।

২০২৩ চনৰ আগষ্টৰ ২৩ তাৰিখ চন্দ্ৰযান -৩ 

জিলিকিল চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত

অৰ্জিলে চতুৰ্থ স্থান বিশ্বৰ দৰবাৰত

সাক্ষী হৈ ৰ‌'ল বুৰঞ্জীৰ পাতত ।

সেয়েহে 

ISRO ৰ প্ৰতিগৰাকী বৈজ্ঞানিক, কৰ্মকৰ্তালৈ

কৰযোৰে জনালোঁ প্ৰণাম শতকৌটি ।


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.