এই নদী নিৰিবিলি

 এই নদী নিৰিবিলি


এই নদী নিৰিবিলিৰ

বুকুত জাহ যোৱা 

ৰ'দ বৰষুণ দিন ৰাতি

বতাহ ধুমুহা তমসা কৰি

অনিৰুদ্ধৰ গতিত সকলো নেওচি

মাথোঁ নিৰবে বৈ যায় 

এপলকো নৰয় থমকি।

দুয়োপাৰৰ আনন্দ কিৰীলি পাৰি

অথবা বেদনাৰ চকুপানী মৰহি

চনৰ উদাসীন নদী,

উভতি চাবলৈ নাই আহৰি।

নাজানে নদীয়ে মোহনাই প্ৰাপ্তি

নে গতিৰ বাবেই মোহনাৰ সৃষ্টি 

নদীৰ বুকুত তৰঙ্গৰ ধ্বনি

জীৱনৰ জয়গান জীৱনৰ স্থিতি,

অন্তিম পথত মহাসিদ্ধুৰ মিলন

অৱশেষ মাথোঁ সুৰভি প্ৰেমৰ।


অজন্তা দও বৰা


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.