ড⁰ ভবেন্দ্ৰ নাথ শইকীয়া
ড⁰ ভবেন্দ্ৰ নাথ শইকীয়া
মোস্তাকিন শ্বেখ
নৱম শ্ৰেণী
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়
অসমৰ এজন সুদক্ষ শিক্ষাবিদ , প্ৰসিদ্ধ ঔপন্যাসিক, বিশিষ্ট গল্পলিখক, স্বনামধন্য নাট্যকাৰ আৰু সন্মানীয় বোলছবি পৰিচালক"ভবেন্দ্ৰ নাথ শইকীয়া"দেৱৰ জন্ম হৈছিল - ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত 'নগাঁও' চহৰত।
১৯৪৮ চনত তেখেতে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা ষ্টাৰ মাৰ্ক সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিহ্যপূৰ্ণ "কটন মহাবিদ্যালয়"ত ভৰ্তি হৈছিল আৰু তাৰপৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ বি.এচ. চি. পাছ কৰিছিল ।
১৯৫৫-১৯৫৬ চনত "কলিকতা বিশ্ববিদ্যালয়"ৰ অধীনত 'প্ৰেচিডেন্সী কলেজ'ৰ পৰা পদাৰ্থ বিজ্ঞানত এম.এচ.চি ডিগ্ৰী লৈছিল আৰু উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰিছিল ।
১৯৬১ চনত তেখেতে 'লণ্ডন বিশ্ববিদ্যালয়'ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰাৰ উপৰিও, লণ্ডনৰে ‘ইম্পেৰিয়েল কলেজ অৱ চাইন্স এণ্ড টেকন'লজী’-ৰ পৰা ডিপ্লমাও লাভ কৰিছিল ।
তেখেতে "গুৱাহাটী বিশ্ববিদ্যালয়"ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল ৷
তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ হৈছে৷ অসমীয়া ভাষাৰ পষেকীয়া আলোচনী "প্ৰান্তিক" আৰু শিশু আলোচনী "সঁফুৰা"ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ৷
তেখেতৰ ৮খন বোলছবিৰ ভিতৰত ৭খন বোলছবিয়ে 'ভাৰত চৰকাৰ'ৰ পৰা "ৰজত কমল বঁটা"ৰে সন্মানিত হৈছিল ।
"ড° ভবেন্দ্ৰ নাথ শইকীয়া"দেৱে 'প্ৰীতি শইকীয়া'ৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু তেখেতসকলৰ দুজনী কন্যা সন্তান হৈছে ক্ৰমে - 'ড° সংগীতা' আৰু 'ৰশ্মি' ।
সাহিত্যকৰ্ম
"ড° ভবেন্দ্ৰ নাথ শইকীয়া"দেৱে কবিতা, নাটক, গল্প, উপন্যাস, প্ৰৱন্ধ, সমালোচনা, আত্মজীৱনী, শিশুসাহিত্য আদি সকলো দিশতে অমূল্য অৱদান আগবঢ়াই গৈছে ।
তেখেতৰ নাটক কেইখন মান
ৰম্যভূমি,
নীলকণ্ঠ,
মহাৰণ্য,
দীনবন্ধু ইত্যাদি।
তেখেতৰ চুটি_গল্প সংকলন কেইখনমান
প্ৰহৰী,
বৃন্দাবন,
সেন্দুৰ ইত্যাদি ।
তেখেতৰ উপন্যাস
অন্তৰীপ (১৯৮৬)
ৰম্যভূমি (১৯৯১)
আতংকৰ শেষত ( ১৯৫২, দশম শ্ৰেণীত থাকোঁতে ৰচনা কৰা; ভ.না. শইকীয়াৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস)
আত্মজীৱনী
জীৱন বৃত্ত,
জীৱন ৰেখা,
মোৰ শৈশৱ, মোৰ কৈশোৰ ।
শিশুসাহিত্য
মৰমৰ দেউতা (১৯৯১),
তোমালোক ভালে থাকা (তোমালোকৰ ভাল হওঁক) (১৯৯৮),
শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট (১৯৯৭),
মহাদুষ্টৰ দুষ্টবুদ্ধি,
মৰম,
চলচ্চিত্ৰ পৰিচালক ৰূপে
অসমীয়া চলিচত্ৰৰ পাতনি ১৯৩৫ চনত "জ্যোতিপ্ৰসাদ আগৰৱালা"দেৱৰ 'জয়মতী' কথাছবিৰে হৈছিল। পিছৰ প্ৰায় ৪০ বছৰ ধৰি নিৰ্মাণ হোৱা চলচ্চিত্ৰসমূহৰ বেছিখিনিয়েই আছিল তীব্ৰ বাণিজ্যিক ধৰ্মী । 'কালসন্ধ্যা'ৰ বাহিৰে আন কেইখন ছবিয়ে শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ বাবে "ৰজত কমল বঁটা" লাভ কৰিছিল।
১৯৭৬ চনত তেখেতে "সাহিত্য একাডেমী" বঁটা, ১৯৯০ চনত "অসম উপত্যকা সাহিত্য বঁটা", ১৯৯০ চনত "পদ্মশ্ৰী" সন্মান লাভ কৰাৰ উপৰিও "শ্ৰীমন্ত শংকৰদেৱ বঁটা"ৰেও সন্মানিত হৈছিল ।
২০০৩ চনৰ ১৩ আগষ্ট তাৰিখে "ড° ভবেন্দ্ৰ নাথ শইকীয়া" মৃত্যু হয় । তেখেতে আমাৰ অসমীয়া সাহিত্যৰ পৰা আৰম্ভ কৰি বহুতো দিশত উল্লেখযোগ্য সম্পদ আমাক দি থৈ গ'ল।
"চিৰ চেনেহী মোৰ ভাষা জননী"

.jpeg)
No comments