তুমি
তুমি
তুমি হয়তো নাজানা
তোমাৰ প্ৰতিটো হাঁহিৰ ঢৌৱে
মোৰ বুকুৰ নদীত জোৱাৰ ভাটা আনে।
কমলাৰঙী লিপিষ্টিসিক্ত ওঠযুৰিয়ে
জীৱন বুৰঞ্জনীৰ আৰম্ভনিৰ বাবে
মোক বাৰে বাৰে ৰিঙিয়াই মাতে।
তোমাৰ অজানিতেই
তোমাৰ চকুযোৰিয়ে
তোমাৰ মহাদেশ ভ্ৰমনৰ নিমন্ত্ৰন দিয়ে
তোমাৰ কাউৰীৰঙী চুলিকোচাই
মলয়াৰ লহৰত নাচি বাগি
সপোনৰ দেশত মোক হাত বাউল দি মাতে
তুমি হয়তো নাজানা….
তোমাৰ বুকুৰ কেচা গোন্ধই
মোক সদায় পাগল কৰি ৰাখে
নেৱাজ শ্বৰিফুল হক
No comments