বৰষুনৰ আৰু মই
বৰষুনৰ আৰু মই
ঝৰ ঝৰ শব্দ কৰি
এজাক মলয়াৰ কোলাত উঠি
এটুপ এটুপ কৰি নামি আহা তুমি
মোৰ শুকান মৰুভূমিৰ শুষ্কবুকুলৈ
তোমাৰ আগমনত
মোৰ শুষ্কবুকুৰ ভাঁজে ভাঁজে
সেউজীয়াবোৰ গজি উঠে
সেউজীয়াৰ কোলাত মূৰ থৈ
বিষাদৰ গীত গোৱা ফেঁহু জাক আতৰি যায়।
সেউজীয়াৰ সেউজীয়াত সপোনবোৰ হালধীয়া হয়
সুপ্তহৈ থকা সুমধুৰ সুৰটি গানৰ ৰূপ লয়
স্থৱিৰহৈ পৰা জীৱন নদী পূণৰ প্ৰৱাহমান হয়
মৰহা ৰজনী গন্ধাই মন আকাশত পূণৰ সুৱাহ বিলায়
জিৰি জিৰি কৈ বৈ আছা তুমি
মোৰ হৃদয়ৰ কোঁহে কোঁহে
ৰামধেনুহৈ জিলিকি আছা তুমি
মোৰ জীৱনৰ আহে আহে
############
নেৱাজ শ্বৰিফুল হক
No comments