গুৱাহাটী-মৈৰাবাৰী লোকেল পেচেঞ্জাৰ

 

গুৱাহাটী-মৈৰাবাৰী লোকেল পেচেঞ্জাৰ

কঁহুৱা ৰঙী ডাৱৰ হেঙুলীয়া হওতেই চলিল
গুৱাহাটী-মৈৰাবাৰী লোকেল পেচেঞ্জাৰ ট্ৰেইন
যান্ত্ৰিক চহৰৰ যান্ত্ৰিকতাৰ বুকু ভেদি
গাৱৰ চহা জীৱনৰ সূখ পান কৰিবলৈ
এটা ডবাৰ এটি ছিটত বহিলো আমি হৈ মূখামূখি
স্তব্ধ হৈ যাওক সময়, অলপ কথা পাতো আমি
এয়াই মনৰ গুণগুননি,ভগৱানক খাটনি

দুই হাত দূৰত্বৰ ব্যৱধান আমাৰ মাজত
এক অবাক কৌতূহলে দুলা দিছে দুয়োৰে মনত
স্পষ্টভাবে উঠিছে ফুটি দুয়োৰ চকুৰ বক্ৰৰেখাৰ ভাজত
সময় পাৰ হৈছে অনিশ্চিয়তাৰ দোমোজাত
কাৰন আমি নাজানো কোন আগত ট্ৰেইনৰ পৰা নামি যায়।

চিনাকী হোৱা বেছি সময় হোৱা নাই
চকুৱে চকুৱে হে চিনাকী
তথাপি এনেহেন লাগিছে বহু জনমৰ চিনাকী আমি
এক দুজে কে লিয়েহি বনী
আমি যেন এজন আনজনৰ ওচৰত ঋণী

জড়তাৰ মায়াত বন্ধী আমাৰ ওঠৰ স্পন্ধন
জানিও আৰু এবাৰ নহবও পাৰে আমাৰ মিলন
হয় তাই বা মই ,নহব পাৰো যাত্ৰী এই ট্ৰেইনৰ
নতুবা বন্ধীহৈ যাব পাৰে তাই 
কাৰোবাৰ দুচকুৰ মায়া জালত
যেনেদৰে বন্ধী আজি মই

ইচ্ছা নাই মোৰ ডান্টেৰ কাব্য ৰচনাৰ
অথবা বিহগীকবি হোৱাৰ
ইচ্ছা মাথো তোমাক কাষত পোৱাৰ
ভাগি পেলাই জড়তাৰ কাৰাগাৰ
হৃদয়ত উদগিৰীত  কথাষাৰ কোৱাৰ

বুকুৰ মৰুভূমিত বৰষুন হৈ পৰিছা তুমি
অলপ কথা আছে তোমাৰ লগত
অকন মনদি শুনিবা নেকি


নেৱাজ শ্বৰিফুল হক

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.