দামিনী আজিও তাৰিখত আৱদ্ধ
দামিনী আজিও তাৰিখত আৱদ্ধ
নীলিম আকাশ নীলা ৰংবোৰ হাতত লৈ
কহুঁৱা ৰঙী মেঘবোৰৰ মাজত
পৰীহৈ উৰাৰ সপোন আছিল তাইৰ
আপোন মনে নিজৰ প্ৰিয় গীত গুনগুনাই……
সেউজীয়া সপোনবোৰৰ পূৰ্ণতা বিচাৰি
প্ৰভাতী ৰবিৰ সোনালী ৰং গাত সানি
কলেজত তাই কৰিলে নাম ভৰ্তি……
তাইৰ আগমনত কলেজত এজাক বৰষুন আহিল
ৰিমঝিম ৰিমঝিম এজাক মিঠা বৰষুন
বৰষুনৰ পৰশত মৰহি যাব ধৰা গছবনবোৰ
পূনৰ পূখাই উঠিল ,সেউজীয়া হৈ পৰিল কলেজ কেম্পাচ
মোহাব্বত বৰছাদেনা ছাৱন আয়া হে
তেৰে আৰ মেৰে মিলনেকা মচম আয়া হে
গীতৰ কলিতো কলেজত সততে বাজি উঠা হল…….
কলেজৰ নৱগাত আদৰনি সভা
এজনৰ ভাষনত সমাজত নতুনত্ব অনাৰ অনাবিল ইচ্ছা
মূখত ভূপেন্দ্ৰ সংগীত, মনত বিপ্লৱী সত্তা
তাই মনে মনে ভাবিলে এয়াইতো মোৰ আকাশ
যাৰ বুকুত মোৰ উৰাৰ অফুৰন্ত হেঁপাহ
কলেজ কেন্টিনত এদিন তাৰ লগত তাইৰ চকুৱে চকুৱে দেখা
তাৰ পৰাই হল ভালপোৱাৰ ক্ৰমবিকাশ।
এদিনৰ কথা
বিপ্লৱীজনে তাইক মাতিলে চাবলৈ আকাশ
তাই কলে মোৰ আকাশতকৈ বেলেগ নেকি তোমাৰ আকাশ
তোমাৰ আকাশৰ জোনাকৰ ৰসন মোৰ আকাশতকৈ বেচি নেকি
হব পাৰে একে আকাশ কিন্তু আমি দুজনে একে লগে বহি আকাশ চোৱা
সেয়াও এক মাদকতা,তাৰ নামেই মৰম,ভালপোৱা
তুমি আৰু মই বহি থাকিম সেই নীৰৱ ৰাতি
তোমাৰ হাতৰ আঙুলিৰ ফাকত মোৰ আঙুলি
জোনাক আৰু মায়াময় হৈ পৰিব তোমাৰ বৈপৰা আলপনাত ৰং সানি
তৰাবোৰে মেঘৰ উৰনিৰ ফাঁকেৰে চাব জুমি জুমি
কিবা কব খুজিও ৰব থমকি
জোনাকী পৰুৱাৰ দৰে ঢিমিক ঢামাক কৰা তোমাৰ চাৱনি
তুমি আৰু মই নিৰৱ সময় , ৰব সাক্ষী হৈ জোনটি
তাৰ ৰোমানাটিক উত্তৰ…তাই নিৰুত্তৰ
….
মনত একে লগে দুয়ো আকাশ চোৱাৰ মাদকতা
সেয়ে হোষ্টেলত আন্টিৰ ঘৰত থাকিব বুলি কলে মিছা কথা
আৰু তাই গল তাৰ লগত ইমান দিনে দেখা সপোনৰ হেঁপাহত
তাইৰ ভিতৰখন নাচি উঠিল পৰী হোৱাৰ আনন্দত
সপোনবোৰ যে আজি হব তাইৰ মুঠিত
তাই গল তাৰ লগত তাৰ ঘৰৰ ছাঁদত
তাৰ বন্ধু তিনিজনেও সংগ দিলে সিহঁতৰ লগত
গোটেই ৰাতি তাই দেখিলে আকাশ
আকাশত উপভোগ কৰিলে জোনাকৰ মাদকতা
ৰিব ৰিব কৈ বৈ থকা মলয়াৰ সুবাহ
…
ধলফাট দিয়া সময়ত যেতিয়া
চাৰিওজনে তাক ছাদৰ পৰা তললৈ দলিয়াই দিলে
পৰী হৈ উৰাৰ তাই শেষ চেষ্টা কৰিলে
কিন্তু তাই নোৱাৰিলে
….
ৰাতি পুৱা তাই হল কাৰোবাৰ বাবে ব্ৰেকিং নিউজ
তাইকলৈ কোনোৱাই আৰম্ভ কৰিলে ৰাজনীতি
অগপই কলে কংগ্ৰেছ,কংগ্ৰেছে কলে বিজিপি
বিজিপিয়ে কলে কৃষক মুক্তি
তাইৰ বাবে গোটেই চহৰ ৰজপথত থিয় দিলে
কাৰন সিহতক টিভিত দেখাই বোলে
কোনোৱাই কৰিলে যোৰ সমদল,কোনোৱাই জ্বলালে মমবাতি
এশ এক গচি,কাৰন আহা ইলেকচনৰ টিকটি
লাটি চাৰ্চ,টিয়াৰ গেছ,পানীৰ ছিটিকনিত
দুদিনতে তলপৰিল আন্দোলন,পথঅৱৰোধ ইত্যাদি
আৰম্ভ হল নতুন থিউৰিৰ গুনগুনি
তাই পিন্ধা কাপোৰবোৰ হেনো আছিল বৰ চুটি
তাই বোলে তেনেকুৱা টাইপৰ ছোৱালী
নহলে কিনো কৰিছিল তাত ইমান ৰাতি
ইত্যাদি ইত্যাদি
সময়ৰ কোঁৱাল সোঁতত তল পৰিল তাই
বাতৰি কাকতত তাইৰ চিন চাব নাই
আইপিএল জ্বৰত আক্ৰান্ত এতিয়া গোটেই ভাৰতবৰ্ষ
সকলোৰ মূখে মূখে এতিয়া কোহলী,গেইল,বাৰ্ণাৰ দম্ভ
ফুটুকাৰ ফেনত পৰিনত
চৰকাৰে কৰিব দিয়া তদন্ত
লাহে লাহে দিন বাগৰিল
দিনৰ পিছত ৰাতি আহি থাকিল
পূজা আহিল,ঈদ গল
নতুন কাপোৰৰ সৈতে ফেইচবুকত ছেলফি দিয়াত
সকলো ব্যস্ত হল
তাইও লাহে লাহে পাহৰনিৰ গৰ্ভত বিলীন হল
ঠিক তেনেদৰে,যেনেদৰে দামানি, নির্ভয়া অথবা ছেত্ৰী
সময়ৰ সুতত,কালৰ বুকুত হেৰাই গল
আফিচৰ ফাইলৰ মাজতো
তাই ধৰ্ষিতা হৈ আৱদ্ধ হৈ ৰল
দোষীৰ শাস্তি বিচাৰি দেউতাক আদালতত আহিল আৰু গল
চনীদেউলৰ ছবিৰ সেই সংকালাপ আকৌ সঁচা প্ৰমানিত হল
তাৰিখ পে তাৰিখ লৈ তেখেতো তাৰিখ হৈ গল
অসহায় মাতৃৰ চকু পানী টুকি টুকি পাগলী হল
বিচাৰ কিন্তু নহল
পৰীহৈ যদিও বা তাই উৰিব নোৱাৰিলে নীলিম আকাশত
তাৰিখৰ মেৰপাকত তাই আৱদ্ধহৈ ৰ’ল,আদালতৰ ফাইলৰ মাজত
কিছুদিন উৰিলে তাই টিভি,বাতৰি কাকতত।
(বি: দ্ৰ: লাইফ অকে চেনেলত প্ৰদৰ্শিত তথা উত্তৰ প্ৰদেশত হোৱা এটি বাস্তৱ ঘটনাৰ আলমলৈ নগাওঁত সংঘঠিত হোৱা ঘটনাৰ দিনা লিখা মোৰ এটি অনুভৱ।নগাওঁ জিলাৰ বাসিন্দা হিচাপে সেইদিনৰ ঘটনাৰ বাবে বাৰুকৈ লজ্জিত।এনে ঘটনা পুনৰ কতো নহক তাৰ কামনাৰে ০৮-০৫-২০১৬)
No comments