পাৰা যদি তোমাৰ খিৰিকিৰে চাবা চোন মোৰ হোষ্টেলৰ চাঁদলৈ

 

পাৰা যদি তোমাৰ খিৰিকিৰে চাবা চোন মোৰ হোষ্টেলৰ চাঁদলৈ



তোমাৰ গোলপীয়া ওঁঠৰ গোলাপী জুইকুৰাত

দগ্ধ হব খোজে মোৰ দুটি ওঁঠ

তোমাৰ নীল আকাশৰ নীলা নীলিমাত

উৰিব খোজে মোৰ চকুযুৰি

সপোনৰ ডেউকা কোৱাই

দূৰৰ পৰা দুৰ দিগন্তলৈ

গভীৰ বাবে ,গভীৰৰ পৰা গভীৰতালৈ

তোমাৰ যৌৱনৰ মদিৰাৰ ৰাগিত

ডুবগৈ মতলীয়া হব খোজে

তোমাৰ পৰশৰ জোনাকত তিতি

তোমাৰ কজলা মেঘালী চুলিৰ ঢৌত

নিজকে উঠাই দিবৰ মন

জীৱন নদীৰ চিনাকী ঘাটত…

..

হেই এ. ডি. পি কলেজৰ মৰম লগা ছোৱালীজনী

তুমি হয়তো নাজানা

অথবা বুজি নোপোৱা

তোমাৰ দুচকুৰ কিমান যে মায়া

তোমাৰ মায়াৰ শৰত

কিমান যে শৰবিদ্ধ

তোমাৰ প্ৰেমৰ এক জলখৰ বাবে

গোটেই নগাওঁ চহৰ আজি ব্যস্ত

..

পাৰা যদি এবাৰ বাহিৰলৈ চোৱাহি

হোষ্টেলৰ খিৰিকিৰ পৰ্দাখন দাঙি

দেখিবা কিমান প্ৰেমিক চৰাই যে আছে  উৰি

তোমাৰ কোঠাৰ খিৰিকিৰ পিনে মূখ কৰি

তোমাৰ প্ৰেমৰ বাবে হাহাকাৰ কৰি

..

পাৰা যদি কলংপাৰৰ ইকৰা হোষ্টেলৰ চাঁদলৈ

নিবাচোন সেই মায়াময় চকুজুৰি

আবেলিৰ নিসংগতাক সঙ্গী কৰি

ৰান্ধনি বেলিৰ সৌন্ধৰ্য্যৰ মাজত

কল্পনাৰ মায়াজালত আছে যে

কোনোৱাই তোমাক অংকন কৰি……

মাথো তোমাক অংকন কৰি

☆☆☆☆☆☆☆☆☆

নেৱাজ শ্বৰিফুল হক

সোনাইবেৰা,দগাওঁ,নগাওঁ(অসম)

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.