এটি দু: স্বপ্ন

 এটি দু: স্বপ্ন

                                                               জহিৰুল ইছলাম আহমেদ


এটি দু:স্বপ্নই হৰিলে মোৰ চিন্তা চেতনা

নাই শান্তি কতো, বাঢ়ি গৈ আছে মাথোঁ ভাৱনা

এটি অজান আশংকাই সৰ্বদাই আছে খেদি

মনৰ এটাই চিন্তা  কিদৰে যাওঁ ভেদি।।

সপোনটো কি আছিল শুনিব নে কোনোবাই

গোটেই বিশ্বজগতখন মোতেই আছে সোমাই

পাহাৰ-পৰ্বত,জান-জুৰি, গছ-বিৰিখ,নৈ-সাগৰ

জীৱ-জন্তু, চৰাই-চিৰিকতিৰে হৈ আছে ভৰপূৰ।।

যেনি চাওঁ দেখা পাওঁ সমস্ততেই বিস্তাৰিত মই

বিভ্ৰান্তি! মোৰ মাজত নে কাৰোবাৰ মাজত মই

স্বদেশ-বিদেশ,আকাশ পাতাল মোতেই ৰয়

বায়ু-পানী, ধুমুহা-বৰষুণ সকলো মোতেই বয়।।

নাই কোনো একো যি মোৰ মাজত নাই

অভাৱ মাথোঁ চিন্তা শক্তিৰ যি খোলখোৱা নাই

সাৰ পাই উঠি হ'লো নিৰ্বাক- নিশ্চুপ

চঞ্চল চিত্ত আৰু ধৰ-ফৰাই আছে বুকু।।

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.